newsnextone.com | নগাঁওঃ  বৃহস্পতিবাৰে ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত ৰাজ্যৰ ভিতৰত স্থান লাভ কৰা পৰীক্ষাৰ্থীৰ ক্ষেত্ৰত শীৰ্ষত অৱস্থান কৰে নগাঁও জিলাই৷ 

কলা, বিজ্ঞান আৰু বাণিজ্য শাখাৰ প্ৰতিটো শাখাত স্থান লাভৰে শীৰ্ষত আৰোহন কৰে নগঞা শিক্ষাৰ্থীয়ে৷ নগাঁৱৰ মুঠ ৯ জনকৈ মেধাৱী ছাত্ৰ-ছাত্ৰীয়ে শীৰ্ষ দহটা স্থানত নাম অন্তৰ্ভুক্তিৰে অসমৰ ভিতৰতে জিলিকি উঠে৷ 

৯জনৰ ভিতৰত ৪ জনে কলাত, ৩ জনে বাণিজ্যত আৰু ২ জনে বিজ্ঞান শাখাৰ শীৰ্ষ দহত স্থান লাভ কৰে৷ এইক্ষেত্ৰত বৰপেটা জিলাৰ পৰীক্ষাৰ্থীৰ ৩ জনে কলাত আৰু ৪ জনে বিজ্ঞান শাখাত স্থান আজুৰি আনি দ্বিতীয়ত পদাৰ্পন কৰাৰ বিপৰীতে ডিব্ৰুগড় জিলাই বাণিজ্যত ৩ জন আৰু বিজ্ঞান শাখাত ২ জনৰ জৰিয়তে অসমৰ ভিতৰত স্থান লাভৰ ক্ষেত্ৰত তৃতীয় স্থান দখল কৰে৷