newsnextone.com | ডিজিটেল ডেস্কঃ প্ৰাক্তন ৰাষ্ট্ৰপতি ততা জ্যেষ্ঠ কংগ্ৰেছী নেতা প্ৰণৱ মুখাৰ্জীয়ে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ নাগপুৰস্থিত মুখ্য কাৰ্যালয়ৰ এক বিশেশ অনুষ্ঠানত অংশ লোৱাৰ ঘটনাৰ প্ৰতিক্ৰিয়া এতিয়াও অব্যাগত আছে৷ কংগ্ৰেছৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতাৰ বিৰোধৰ পিছতো প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীয়ে আৰএছএছৰ অনুষ্ঠানত অংশ লৈছিল৷
আনকি খোদ প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীৰ কন্যাইও পিতৃৰ সিদ্ধানতৰ বিৰোধিতা কৰিছিল৷ কিন্তু সকলো বাধা নেওচি প্ৰণৱ মুখাৰ্জীয়ে অনুষ্ঠানত অংশ লোৱাত ৰাজনৈতিক মহলত মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়৷ কেইবাগৰাকীও শক্তিশালী ৰাজনৈতিক নেতাই মুখাৰ্জীৰ সপক্ষে-বিপক্ষে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে৷