ডিজিটেল ডেক্সঃ 'এয়াৰচেল- কথা দিলো’। আপ্ত বাক্যশাৰীৰে দেশৰ কোটি কোটি গ্ৰাহকক উন্নত সেৱা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দি ৰিলায়েন্সৰ দৰেই গ্ৰাহকক হাৰাশাস্তি দিছে এয়াৰচেলে৷ শেহতীয়াকৈ দিনৰ দিনটো এটা ফোনকল লগাবলৈ চেষ্টা কৰিলেও গ্ৰাহকে হাবাথুৰি খাব লগা হৈছে৷ 'নেটৱৰ্ক বিজি’, 'এই ৰুটৰ সকলো লাইন ব্যস্ত’ আদি বিভিন্ন কথাৰে গ্ৰাহকক ব্যতিব্যস্ত কৰি আহিছে এয়াৰচেল নামৰ বহুজাতিক কোম্পানীটোৱে৷
এয়াৰচেল নেটৱৰ্কৰ সঘনাই হৈ থকা সমস্যাৰ পৰা মুক্ত হোৱাৰ অৰ্থে বিগত বৰ্ষত এয়াৰছেলে ৰিলায়েন্স নেটৱৰ্কৰ সৈতে সংযুক্ত হৈ যুটীয়াভাৱে ব্যৱসায় চলাই আহিছিল। কিন্তু পৰৱৰ্তী সময়ত ৰিলায়েন্সে বৰ্তমান দেশৰ সকলো প্ৰান্তকে গ্ৰাস কৰি পেলাবলৈ সক্ষম হোৱা জিঅ’ই আগবঢ়ালে আকৰ্ষণীয় অফাৰ৷ কিন্তু এয়াৰচেলৰ লগত কৰা চুক্তি নমনীয় হৈ থাকিল।
টেলিকম কোম্পানীৰ গ্ৰাহকক নিয়মমাফিকভাবে সুবিধা সমুহ যোগান নধৰাৰ পৰিপ্ৰেক্ষিতত যোৱা বুধবাৰে অন্তৰায় কিছুমান বন্ধ হোৱাৰ উপক্ৰম হল চেন্নাইত৷ প্ৰতিবেদনত পোৱামতে নেটৱৰ্কৰ বিপাঙত পৰি সেই সময়ছোৱাত সৰহভাগ এয়াৰচেল গ্ৰাহকে নিজৰ নম্বৰ প’ৰ্ট কৰিবলৈ ইচ্ছ্যুক হোৱা দেখা গল।
সমগ্ৰ চেন্নাইৰ লগতে অসমকে ধৰি উত্তৰ-পূৱত এয়াৰচেলৰ টেলিকম সেৱা সম্পুৰ্ণৰূপে ব্যাহত হৈ পৰিছে৷ এয়াৰচেল কোম্পানীৰ অফিচে প্ৰেছ ট্ৰাষ্ট অৱ ইণ্ডিয়াক জনোৱামতে টেলিকমৰ অপাৰেটৰসকলে সমগ্ৰ বিষয়বস্তুটোৰ মুখামুখি হৈ বৰ্তমানেও দৃঢ়মনা হৈ আছে৷ পিটিআইৰ সুত্ৰত প্ৰকাশ পোৱামতে এয়াৰচেলে নেটৱৰ্কৰ অৱনময়ীতাৰ পুনৰুদ্ধাৰৰ বাবে পাৰ্য্যমানে চেষ্টা কৰি আছে আৰু অতি শীঘ্ৰে ই উন্নত হ’ব৷
পিছত এয়াৰচেলে বৰ্তমানৰ সমস্যা প্ৰতিৰোধ কৰি বহুতো গ্ৰাহকক আকৰ্ষণ কৰিব পাৰিব বুলি আশা প্ৰকাশ কৰিছে। নেটৱৰ্কৰ দুৰ্বলতাৰ বাবেই ব্যৱহাৰকাৰী সকলে ফোনকল সমুহ ৰিচিভ কৰিব পৰা নাই৷ কিছুমান ব্যৱহাৰকাৰীয়ে নেটৱৰ্ক সংক্ৰান্ত অপপ্ৰচাৰ চলাই মোবাইল নং সমুহ অন্য টেলিকম সেৱালৈ স্থানান্তৰিত কৰাৰ সুযোগ লৈছে বুলি জানিব পৰা গৈছে৷
ব্যৱহাৰকাৰীৰ বাবেই যথাসম্ভৱ বিষয়বস্তুসমূহ সংযোজিত কৰাবলৈ Mobile Number Portability in India ক বন্দবস্ত কৰিছে। যেতিয়া অপপ্ৰচাৰত ডুব গৈ গ্ৰাহকবোৰে অন্য টেলিকম কোম্পানীত সংযুক্ত হৈছিল তেতিয়াই এয়াৰচেলৰ কৰ্মকৰ্তাসকলে অপপ্ৰচাৰত ডুব নাযাবলৈ পৰামৰ্শ দিছিল।
জানিব পৰা মতে এতিয়া এয়াৰচেলে বিএছএনএলৰ সৈতে সাময়িকভাৱে সংযোজিত হৈ নেটৱৰ্ক অক্ষম ৰখাৰ চেষ্টা চলাইছে। গ্ৰাহকে ফোনৰ নেটৱৰ্ক ছেটিংছত গৈ মেনুৱেলী বিএছএনএল নেটৱৰ্ক বাচনি কৰিলেই নেটৱৰ্ক আহিব বুলিও প্ৰচাৰ চলিছে।