খাৰুপেটীয়াঃ হিমন্তই কংগ্ৰেছত থকা সময়ত আৰ এছ এছ ৰ পতাকা তুলি লোৱা নাই। হিমন্ত এসময়ত মোৰ ভাল বন্ধু আছিল। হিমন্তক কংগ্ৰেছ আৰু অগপই গ্ৰহণ নকৰে। আমাক হিমন্তই লিখিত দিয়ক,এ আই ইউ ডি এফত যোগদান কৰিলে মই হিমন্তক মুখ্যমন্ত্ৰী পাতিম । এই মন্তব্য এ আই ইউ ডি এফ প্ৰধান ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমলৰ ।
প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ আজি অন্তিম দিনা দৰঙৰ খাৰুপেটীয়া কলেজেৰ ৰাজীৱ গান্ধী ক্ৰিয়া প্ৰকল্পত অনুষ্ঠিত এক নিৰ্বাচনী সভাত সাংবাদিকৰ এক প্ৰশ্নোত্তৰত এই মহা বিস্ফোৰণ ঘটায় আজমলে। ভাষণ প্ৰসংগত আজমলে কয়,কংগ্ৰেছৰ নেতা কৰ্মীৰ চকুৰ অপাৰেছন কৰাৰ প্ৰয়োজন । আমাৰ সভাত হেনো মানুহ নাহে। আমি য’তেই সভা কৰিছো তাতেই হিলদল ভাঙি ৰাইজ ওলাই আহিছে। আমাৰ উত্থানত কংগ্ৰেছী সকল শংকিত হৈ অপ-প্ৰচাৰত লিপ্ত হৈছে। এ আই ইউ ডি এফক ধ্বংস কৰিবলৈ সকলোৱে উঠি পৰি লাগিছে । তেওঁ আৰু কয় যে, পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দিনত আটাইতকৈ ধনী হোৱা নেতা হিমন্ত আৰু ৰকিবুল।