গেৰুৱা বসন এৰিলে মুখ্যমন্ত্ৰী পাতিম হিমন্তকঃ দৰঙৰ খাৰুপেটীয়াত আজমলৰ মহা বিস্ফোৰণ 
এ আই ইউ ডি এফৰ সাধাৰণ সম্পাদক মজিবুৰৰ অভিযোগ - আজমলৰ ভৰিত ধৰি মন্ত্ৰী হৈছিল ৰকিবুল

খাৰুপেটীয়াঃ হিমন্তই কংগ্ৰেছত থকা সময়ত আৰ এছ এছ ৰ পতাকা তুলি লোৱা নাই। হিমন্ত এসময়ত মোৰ ভাল বন্ধু আছিল। হিমন্তক কংগ্ৰেছ আৰু অগপই গ্ৰহণ নকৰে। আমাক হিমন্তই লিখিত দিয়ক,এ আই ইউ ডি এফত যোগদান কৰিলে মই হিমন্তক মুখ্যমন্ত্ৰী পাতিম । এই মন্তব্য এ আই ইউ ডি এফ প্ৰধান ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমলৰ । 

প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ আজি অন্তিম দিনা দৰঙৰ খাৰুপেটীয়া কলেজেৰ ৰাজীৱ গান্ধী ক্ৰিয়া প্ৰকল্পত অনুষ্ঠিত এক নিৰ্বাচনী সভাত সাংবাদিকৰ এক প্ৰশ্নোত্তৰত এই মহা বিস্ফোৰণ ঘটায় আজমলে। ভাষণ প্ৰসংগত আজমলে কয়,কংগ্ৰেছৰ নেতা কৰ্মীৰ চকুৰ অপাৰেছন কৰাৰ প্ৰয়োজন । আমাৰ সভাত হেনো মানুহ নাহে। আমি য'তেই সভা কৰিছো তাতেই হিলদল ভাঙি ৰাইজ ওলাই আহিছে। আমাৰ উত্থানত কংগ্ৰেছী সকল শংকিত হৈ অপ-প্ৰচাৰত লিপ্ত হৈছে। এ আই ইউ ডি এফক ধ্বংস কৰিবলৈ সকলোৱে উঠি পৰি লাগিছে । তেওঁ আৰু কয় যে, পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দিনত আটাইতকৈ ধনী হোৱা নেতা হিমন্ত আৰু ৰকিবুল। 

আজি কংগ্ৰেছৰ কোনো এজন নেতাই হেলিকপ্টাৰযোগে প্ৰচাৰ চলোৱা নাই কিয়? কাৰণ, তেঁওলোকে জানে, ৰাইজ আৰু কংগ্ৰেছৰ লগত নাই। সেয়েহে টকা নষ্ট কৰিব বিচৰা নাই। ৰাইজ আমাৰ লগত আছিল, আছে আৰু থাকিব। সেয়েহে, দলৰ বাবে আমি টকা খৰচ কৰাত কৃপনালি নকৰো। আজমলে হেলিকপ্টাৰ উৰুৱাবলৈ বিজেপিৰ পৰা টকা লয় বুলি ৰকিবুলে কৰা অভিযোগৰ এইদৰেই প্ৰত্যুত্তৰ দিয়ে আজমলে। কংগ্ৰেছ মুছলমানৰ পুৰণি শত্ৰু, আৰু বিজেপি মুছলমানৰ ধৰ্মৰ শত্ৰু, সংবিধানৰ শত্ৰু বুলি সমালোচনাৰে থকা সৰকা কৰে । 

কংগ্ৰেছ দলে মুছলমান সকলক সকলো ক্ষেত্ৰতে প্ৰৱঞ্চনা কৰাৰ অভিযোগ তুলি অৰ্থনৈতিক ভাবে পিছুৱাই ৰাখিছে বুলি কয় আজমলে। নিজৰ ৰাজনৈতিক ভৱিষ্যত সুৰক্ষিত কৰিবলৈ অগপই জন্ম দিয়া ডি ভোটাৰৰ সমস্যাটো সাৰ পানী দি জীয়াই ৰাখিছে। বিদেশীৰ অপবাদ দিছে। চাকৰি-বাকৰিৰ ক্ষেত্ৰত মুছলমানক বঞ্চিত কৰাৰ বাবে আজি হাহাকাৰ কৰিছে মুছলমান যুৱক যুৱতীয়ে। ইফালে, মন্ত্ৰীত্ব পাবলৈ এসময়ত ৰকিবুল হুছেইনে আজমলৰ ভৰিত ধৰিছিল। আজি সেইজন আজমলক সমালোচনা কৰাত আশ্চৰ্য্য প্ৰকাশ কৰে সাধাৰণ সম্পাদক মজিবুৰ ৰহমানে। 

বদৰুদ্দিন আজমলে দৰঙৰ দলগাঁৱত একেধাৰে কেইবাখনো সভাত নিৰ্বাচনী প্ৰচাৰ চলোৱাত কংগ্ৰেছৰ দুৰ্গত কঁপনি উঠিছে । এন আৰ চিৰ দাবী-আপত্তিৰ প্ৰ-পত্ৰ পূৰণ কৰি সময়মতে জমা দিবলৈ আহবান জনায় আজমলে। আজমলে আজি আৰু চাৰিখনকৈ সভাত অংশ লোৱাৰ কথা। আজিৰ সভাত আজমলে দলীয় প্ৰাৰ্থীৰ সমৰ্থনত হেলিকপ্টাৰ যোগে প্ৰচাৰ চলাবলৈ অহাৰ কথা আছিল যদিও হেলিকপ্টাৰৰ কাৰিকৰী বিজুতি ঘটা বুলি জনায় সভাৰ উদ্যোক্তা সকলে। কিছু সময়ৰ ভিতৰতে হেলিকপ্টাৰ আহি পোৱাৰ কথা আছিল যদিও সভা শেষ হোৱাৰ পিছতো হেলিকপ্টাৰ নহাত হেলিকপ্টাৰ লৈ ষড়যন্ত্ৰ চলিছে বুলি অভিযোগ কৰে একাংশ এ আই ইউ ডি এফ নেতৃত্বই। আজিৰ সভাত প্ৰায় ১০ সহস্ৰাধিক লোক উপস্থিত থাকে আৰু মহিলা কংগ্ৰেছৰ আচমিনাৰা বেগমৰ লগতে কেইবাজনো  কংগ্ৰেছী অন্য দলৰ নেতা কৰ্মী যোগদান কৰে ।

খাৰুপেটীয়াৰ ফখৰুল ইছলাম