51
গুৱাহাটীঃ অসম গণ পৰিষদৰ তিনিজন মন্ত্ৰী ক্ৰমে অতুল বৰা, কেশৱ মহন্ত আৰু ফণীভূষণ চৌধুৰীয়ে বিজেপিৰ সৈতে পুনৰ মিত্ৰতা স্থাপন কৰাৰ পাছতেই মন্ত্ৰীত্বৰ পদ গ্ৰহণ কৰাক কেন্দ্ৰ কৰি সৰব হৈ পৰিছে প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈ।
বৃহস্পতিবাৰে গুৱাহাটীস্থিত ৰাজীৱ ভৱনত এক সংবাদমেল সম্বোধন কৰি প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকীয়ে অগপক প্ৰতাৰক দল আখ্যা দিয়াৰ লগতে অগপৰ তিনিজন মন্ত্ৰীক ‘বদন বৰফুকন’ৰ সৈতে তুলনা কৰে।