Home ৰাজ্যসেও মানিলে এনএইচপিচিয়ে, উত্তাল প্ৰতিবাদৰ পিছতে আলোচনালৈ আমন্ত্ৰণ এজেৱাইচিপিক

সেও মানিলে এনএইচপিচিয়ে, উত্তাল প্ৰতিবাদৰ পিছতে আলোচনালৈ আমন্ত্ৰণ এজেৱাইচিপিক

by News Next One
A+A-
Reset

গুৱাহাটীঃ উত্তৰ-পূব ভাৰতৰ বিতৰ্কিত সোৱণশিৰি নদীবান্ধ প্ৰকল্পক লৈ বছৰ বছৰ ধৰি জ্বলি থকা প্ৰতিবাদৰ ফিৰিঙতি আজি দাবানল হৈ পৰিল অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ মাজত। প্ৰকৃতিৰ ধাৰাবাহিক সতৰ্কবাণী আৰু নিৰ্মাণ কোম্পানী এন এইচ পি চিৰ উদাসীনতাত ক্ষুব্ধ হৈ আজি গেৰুকামুখত সমৱেত হয় হাজাৰ হাজাৰ প্ৰতিবাদকাৰী। এজেৱাইচিপিৰ উত্তাল প্ৰতিবাদ আৰু জবাবদিহিতাৰ ওচৰত আজি নতশিৰ হ’বলগীয়া হয় এনএইচপিচি।

সংগঠনটোৰ সভাপতি পলাশ চাংমাই, সম্পাদক বিজন বায়ন, উপ-সভাপতি দেৱজিৎ দাস, সাংগঠনিক সম্পাদক প্ৰদীপ শৰ্মা, কোষাধ্যক্ষ জ্ঞান শৰ্মা, নৱ মনোনীত যুটীয়া সম্পাদক পুলকজ্যোতি বৰাৰ নেতৃত্বত প্ৰতিবাদ সাব্যস্ত কৰে এজেৱাইচিপিৰ কেইবাহাজাৰ প্ৰতিবাদীয়ে। এক দশক পূৰ্বে ‘উন্নয়ন’ৰ নামত ঘোষণা কৰা নদীবান্ধ প্ৰকল্পটোৰ নিৰ্মাণত এশ-এবুৰি কাৰিকৰী ভুল থকাৰ অভিযোগ উত্থাপন কৰে।

পলাশ চাংমায়ে কয়, ”প্ৰকৃতিয়ে বহুবাৰ প্ৰমাণ কৰিছে যে এই নদীবান্ধ নিৰাপদ নহয়। ভূমিস্খলন, প্ৰচণ্ড বতাহৰ ফলত গেট ধ্বংস, নদীৰ তলৰ ভাৰসাম্য হেৰুওৱা এই সকলোবোৰ এনএইচপিচিৰ চকুৰ সন্মুখতে ঘটি গৈছে। তথাপি তেওঁলোক নিমাত হৈ আছে।’’

যদিও এপ্ৰিল মাহৰ প্ৰথমাৰ্ধত বিদ্যুৎ উৎপাদনৰ কথা ঘোষণা কৰা হৈছিল, তথাপি এতিয়ালৈকে এক ইউনিট বিদ্যুতো উৎপাদন হোৱা নাই। ৰাষ্ট্ৰীয় নিৰাপত্তা আৰু পৰিৱেশ বিশেষজ্ঞই বাৰে বাৰে সতৰ্কবাণী দিয়াৰ পিছতো এনএইচপিচিয়ে এই প্ৰতিবেদনক সম্পূৰ্ণৰূপে আওকাণ কৰি আহিছে। ১১ আৰু ১২ এপ্ৰিলত ৰাষ্ট্ৰীয় বান্ধ সুৰক্ষা সমিতিৰ তিনিটা পৰ্যবেক্ষণ দলেও বান্ধৰ উৎপাদন আৰম্ভ কৰাত অনুমোদন প্ৰদানৰ পৰা বিৰত থাকে।

সম্পাদক বিজন বায়নে কয়, “এই সংস্থাটোৱে বিদ্যুৎ আৰু পানী লয়, কিন্তু দুৰ্যোগৰ দায়িত্ব লোৱা নাই। ইয়াৰ দ্বাৰা কোনো ক্ষতিপূৰণো দিয়া নহয়। তথাপি ক্ষতিৰ বোজা অসম চৰকাৰ আৰু স্থানীয় ৰাইজে বহন কৰে। এইটো কেনেধৰণৰ উন্নয়ন?” একে সুৰতে উপ-সভাপতি দেৱজিৎ দাসেও অভিযোগ কৰে, “ভুলৰ পিছত ভুল আওকাণ কৰি আমাৰ মূৰত জলবোমা স্থাপন কৰা হৈছে। স্থানীয় মন্ত্ৰী আৰু সাংসদৰ ৬০০ কোটি টকাৰ নিষেধাজ্ঞা প্ৰতিৰোধ প্ৰকল্পও দুৰ্নীতিৰ জালত নষ্ট হৈছে।”

প্ৰায় তিনি ঘণ্টা ধৰি শান্তিপূৰ্ণ প্ৰতিবাদৰ অন্তত এন এইচ পি চিৰ সঞ্চালকপ্ৰধান আৰু জনসংযোগ বিষয়াই প্ৰতিবাদকাৰীসকলক আশ্বাস দিয়ে যে ১৫ জুলাইৰ ভিতৰত ৰাজ্য চৰকাৰৰ বিশেষজ্ঞৰ সৈতে এখন বৈঠক আহ্বান কৰা হ’ব, য’ত বান্ধটোৰ সুৰক্ষা, ফলপ্ৰসূতা, জনস্বাৰ্থৰ বিষয়ে বিতংভাৱে আলোচনা কৰা হ’ব।

ইপিনে সংগঠনটোৰ সভাপতি পলাশ চাংমায়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে প্ৰাণ হেৰুৱাৰ উন্নয়ন সহ্য কৰা নহ’ব৷ প্ৰতিবছৰে বাৰিষা সময়ত সৰু-বৰ নদীবান্ধসমূহৰ অতিৰিক্ত পানী খুলি দিয়াৰ ফলত নিমিষতে নামনিৰ অংশত জলপ্রলয়ৰ সূচনা কৰি দুয়োপাৰৰ ৰাইজৰ জীৱন, সম্পত্তি, আন্তঃগাঁথনিৰ লগতে কৃষি অর্থনীতি ধাৰাবাহিকভাৱে বিধ্বস্ত কৰি কিদৰে বিস্তৰ ক্ষতি কৰিছে আমি সকলোৱে প্ৰত্যক্ষদৰ্শী। তেনেস্থলত অসমে মাত্ৰ কেই ইউনিটমান বিদ্যুৎ শক্তি লাভ কৰা ২০০০ মেগাৱাট উৎপাদনক্ষম বৃহৎ জলবোমাসদৃশ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পটো অসমবাসীৰ অভিশাপ। নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পটোৱে অদূৰ ভৱিষ্যতে লখিমপুৰ, ধেমাজি আৰু মাজুলীত বৃহৎ ক্ষতি কৰাৰ সম্ভাৱনাই অধিক।

উত্তৰ অসমৰ সভ্যতা-সংস্কৃতিৰ প্ৰতি চূড়ান্ত ভাবুকিস্বৰূপ নামনি সোৱণশিৰি বৃহৎ জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণ কাৰ্য শীঘ্ৰে বন্ধ কৰাৰ দাবীত আজি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে প্ৰতিবাদ সাব‍্যস্ত কৰো। আমি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে শীঘ্ৰে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প বাতিল কৰিবলৈ দাবী উত্থাপন কৰিলোঁ। আমাৰ স্পষ্ট কথা প্ৰাণ হেৰোৱাৰ উন্নয়ন সহ্য কৰা নহ’ব- কয় চাংমায়ে৷

News Next One
Author: News Next One

You may also like

nno-logo

newsnextone.com is brought to you by Bikalpa Media.  House No.: 04, Guwahati College Road, Jyoti Nagar, Guwahati-21, Assam, India. Contact: 9365225248, E-mail: editor@newsnextone.com

© News Next One. All rights Reserved. Contact editor@newsnextone.com for any query. Design & Cloud Hosting by: Rongjeng Technologies.

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0