newsnextone.com | চাবুৱাঃ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাজ্যত প্ৰতিবাদ অব্যাহত আছে৷ ৰাজ্য খনৰ দল-সংগঠনে প্ৰতিবাদ অব্যাহত ৰাখিছে বিধেয়ক খনৰ বিৰুদ্ধে৷ মঙলবাৰে ডিব্ৰুগড়ত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ নেতৃত্বত কেইবাটাও সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰে বিধেয়কৰ বিৰুদ্ধে৷ 

অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ ডিব্ৰুগড় জিলা সমিতিয়ে মঙলবাৰে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহি চৰকাৰ বিৰোধী শ্ল’গানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ ডিব্ৰুগড় নগৰত কেইবা শতাধিক যুৱ-ছাত্ৰই সমদল উলিয়াই ৰাজ্য চৰকাৰৰ বিৰুদ্ধে ৰাজপথ কঁপাই তোলে৷ যুৱ-ছাত্ৰ পৰিষদে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক তীব্ৰ সমালোচনা কৰি শীঘ্ৰে স্থিতি স্পষ্ট স্পষ্ট কৰৰা দাবী জনায়৷