গুৱাহাটীঃ  আজিৰে পৰা অসম বিধান সভাৰ পঞ্চদশ অধিবেশন আৰম্ভ হয় ৷ অধিবেশৰ আৰম্ভণিতে বিধান সভাৰ প্ৰটেম অধ্যক্ষ ফণী ভূষণ চৌধুৰীয়ে নৱ-নিৰ্বাচিত বিধায়ক সকলক শপত বাক্য পাঠ কৰোৱায় ৷ আজিৰ বিধান সভাৰ মজিয়াত বহুকেইখন নতুন মুখ দেখা পোৱা যায় ৷ 

এসময়ৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সম্পাদক তথা বৰ্ত্তমানৰ শিৱসাগৰ জিলাৰ ৰাইজৰ দলৰ নৱ-নিৰ্বাচিত বিধায়ক অখিল গগৈক আৰক্ষীৰে পৰিবেষ্টিত কৰি বিধান সভালৈ শপত গ্ৰহণৰ বাবে লৈ অনা হয় ৷ শপত গ্ৰহণৰ পূৰ্বে সাংবাদিকৰে সোধা প্ৰশ্নৰ উত্তৰত অখিল গগৈয়ে কয় যে শিৱসাগৰৰ উন্নয়ণত কেতিয়াও বাধা নাহে, ভূমিপুত্ৰ তথা বিদেশী সমস্যাৰ বাবে অসমৰ হকে মই সদায় মাত মাতি আহিছিলো, মাত মাতিম আৰু ভবিষ্যতলৈকো মাক মাতি থাকিম ৷ 

পৰবৰ্ত্তী সময়ত অখিল গগৈয়ে  বিধান সভাৰ মজিয়াত শপত বাক্য পাঠ কৰি বিধান সভাৰ নৱ-নিযুক্ত অধ্যক্ষ বিশ্বজিৎ দৈমাৰী দেৱক অভিনন্দন জনাই কয় যে অসমৰ ভূমিপুত্ৰই পবিত্ৰ বিধান সভাৰ অধ্যক্ষৰ আসন খনি শুৱনি কৰিছে যাৰ বাবে তেখেতক অভিনন্দন জ্ঞাপন কৰিছো ৷ অখিল গগৈৰ ওপৰত বহুকেইটা গোচৰ তথা নিয়াৰ তদন্ত চলি আছে বাবে পুণৰ তেখেতক ন্যায়িক জিম্মালৈ আৰক্ষীৰ বেষ্টনীসহ লৈ যোৱা হয় ৷