লক্ষ্ণৌঃ পিতা-পুত্ৰৰ যুঁজ লাগি থাকোতে দেশৰ সৰ্ববৃহত বিধানসভা সমষ্টিৰপৰা উত্খাত হোৱা উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী অখিলেশ যাদৱে বিজেপিৰ হাতত শোচনীয় পৰাজয় হয়তো সহজে মানি ল'ব পৰা নাই। সেয়ে অজুহাতেৰে সাৰিব বিচৰা যেন দেখা গৈছে অখিলেশক৷ বুজালে নহয় ফুচুলালেহে ভোট পায়-এই মন্তব্য অখিলেশৰ।

উত্তৰ প্ৰদেশ নিৰ্বাচনত কংগ্ৰেছৰ সৈতে মিত্ৰজোঁট কৰি মুখ থেকেচা খোৱাৰ পিছতে আজি সংবাদমেলত অখিলেশে কয় যে ভৱিষ্যতেও কংগ্ৰেছ আৰু সমাজবাদী দলৰ মিত্ৰজোঁট অব্যাহত থাকিব৷ অখিলেশ যাদৱে আজি ৰাজ্যপাল ৰাম নায়কৰ ওচৰত পদত্যাগ পত্ৰ দাখিল কৰে৷

বহুজন সমাজবাদী পাৰ্টিৰ মায়াবতীয়ে ভোটিং মেচিনত খেলিমেলি হোৱাৰ কথা কোৱাক লৈ প্ৰতিক্ৰিয়া জাহিৰ কৰি অখিলেশে উক্ত বিষয়ত তদন্ত হ’ব লাগে বুলি মন্তব্য কৰে।