newsnextone.com | ডিজিটেল ডেস্কঃ বৰ্তমান দেশৰ পৰীক্ষা ব্যৱস্থাত চিন্তাৰ কাৰণ হৈ পৰিছে কাকত ফাদিল আৰু অসৎ উপায় অৱলম্বন কৰি প্ৰশ্ন উত্তৰ কৰা কাণ্ড৷ চলিত বছৰত সমগ্ৰ ভাৰত চিবিএছইৰ কাকত ফাদিল কাণ্ড আৰু অসমৰ কাকত ফাদিল কাণ্ডই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছিল৷ সময়ে সময়ে নকল তথা অসৎ উপায় অৱলম্বন কৰাৰ অজুহাতত পৰীক্ষাৰ্থীক বহিষ্কাৰ কৰিব লগা হয়৷
কিন্তু আমাৰ দেশে নভবা চিন্তা কৰিছে অলজেৰিয়াই৷ অলজেৰিয়াই নকল তথা অসৎ উপায় অৱলম্বন কৰা আৰু কাকত ফাদিল হোৱা কাৰ্যক ৰোধ কৰিবলৈ এক পদক্ষেপ গ্ৰহণ কৰিছে৷ পৰীক্ষাৰ সময়ত অলজেৰিয়াই সমগ্ৰ দেশত ইণ্টাৰনেট সেৱা বন্ধ কৰি ৰাখিব৷ পৰীক্ষা হ’লত স্মাৰ্টফোন, সকলো ইলেকট্ৰনিক সামগ্ৰী নিষিদ্ধ কৰে৷ জানিব পৰা মতে, বৰ্তমান দেশ খনত হাইস্কুল পৰীক্ষা পৰীক্ষা অনুষ্ঠিত হৈ আছে আৰু ২৫ জুনলৈকে এটা সময়ত ইণ্টাৰনেট সেৱা বন্ধ কৰা হৈছে৷