Home বিশ্ব৮ বছৰে দেখা নাই নিৰ্বাসিত স্বামী-পুত্ৰক! শান্তিৰ নোবেল জয়ী নাৰ্গেছৰ যন্ত্ৰণাৰ কাহিনী…

৮ বছৰে দেখা নাই নিৰ্বাসিত স্বামী-পুত্ৰক! শান্তিৰ নোবেল জয়ী নাৰ্গেছৰ যন্ত্ৰণাৰ কাহিনী…

by News Desk
A+A-
Reset
nargesh-peace

১০ বছৰৰ কাৰাদণ্ডৰে দণ্ডিত হৈ বন্ধ কুঠৰীত আৱদ্ধ হৈ আছে তেওঁ। যোৱা ৮ বছৰে তেওঁ এবাৰো কাষৰ পৰা দেখা নাই স্বামী আৰু দুই সন্তানক, এবছৰতকৈও অধিক সময় ধৰি শুনা নাই তেওঁলোকৰ মাত। তথাপিও নিজৰ স্থিতিত অটল এইগৰাকী মহিলা। এখন গণতান্ত্ৰিক ইৰাণৰ দাবীৰে বিগত প্ৰায় তিনি দশক ধৰি প্ৰতিবাদ সাব্যস্ত কৰি অহা এইগৰাকী কাৰাবন্দী মহিলা আজি সমগ্ৰ বিশ্বজুৰি চৰ্চিত হৈ পৰিছে। তেওঁৰ ত্যাগ, তেওঁ লাভ কৰা কষ্ট আৰু যাতনা, তেওঁৰ পৰিশ্ৰম আৰু প্ৰচেষ্টাই বিশ্বৰ বুকুত আজি এক নজিৰ গঢ়িবলৈ সক্ষম হৈছে।

ইৰাণৰ এইগৰাকী মহিলা সমাজকৰ্মীৰ নাম হৈছে নাৰ্গেছ মহম্মদী। ৫১ বছৰীয়া নাৰ্গেছ মহম্মদীয়ে ৯০ৰ দশকৰ পৰাই ইৰাণত মহিলাৰ অধিকাৰ, কাৰাবন্দীৰ অধিকাৰ আৰু মত প্ৰকাশৰ স্বাধীনতাৰ হকে যুঁজ দি আহিছে। এই যুঁজৰ বাবে দীঘলীয়া কাৰাবন্দীত্বৰ শাস্তি লাভ কৰা নাৰ্গেছ মহম্মদী এতিয়াও কাৰাগাৰতে আৱদ্ধ। ২০১৫ চনৰ পৰা তেওঁ বন্দী জীৱন কটাই আছে তেহৰানৰ কুখ্যাত ইভিন কাৰাগাৰত। বন্দীত্বৰ এই জীৱনৰ মাজতে নাৰ্গেছে লাভ কৰে এক ভাল খবৰ। সদ্যঘোষিত ২০২৩ বৰ্ষৰ শান্তিৰ নোবেল বঁটাৰে সন্মানিত কৰা হৈছে ইৰাণৰ এইগৰাকী দৃঢ়মনা মানৱ অধিকাৰ কৰ্মীক।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0