গুৱাহাটীঃ মঙলবাৰে উত্তৰ-পূবত কংগ্ৰেছে দিব পৰিৱৰ্তনৰ হুংকাৰ৷ উত্তৰ-পূববাসীৰ সৈতে আলোচনাত মিলিত হ’ব ৰাহুল গান্ধী৷

উত্তৰ-পূবত সংঘটিত হোৱা ঘটনা তথা পুলৱামাৰ দৰে ঘটনাক লৈ ৰাইজৰ লগত বাৰ্তালাপৰ বাবে আজি উপস্থিত আছিল উত্তৰাখাণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হৰিশ চন্দ্ৰ সিঙ ৰাৱট৷

আজি ৰাজীৱ ভৱনৰ এক সংবাদ মেল যোগে হৰিশ ৰাৱাটে কয় যে ৰাহুল দেশত ৰাহুল গান্ধীৰ নেতৃত্বত পৰিৱৰ্তনৰ বতাহ বলিছে৷ 

তেওঁ গোলাঘাট আৰু যোৰাহাটৰ এনে দুৰ্ভাগ্যজনক ঘটনাৰ বিষয়ে মন্তব্য আগবঢ়াই তেওঁলোকৰ প্ৰতি সমবেদনা জ্ঞাপন কৰে৷ লগতে সুৰা সেৱন কৰি মৃত্যু হোৱা লোক আৰু পুলৱামাৰ জোৱান ছহিদসকললৈ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰাৰ বিষয়েও অৱগত কৰে৷

আনহাতে, সংবাদমেলত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পাছত ১০ বজাত কংগ্ৰেছ কৰ্মীৰ লগতে বিশেষ ব্যক্তিসকলো উপস্থিত হ’ব বুলি কয় এ আই চি চিৰ সম্পাদক হৰিশ ৰাৱাটে৷