গুৱাহাটীঃ  মঙলবাৰে উত্তৰ-পূবত কংগ্ৰেছে দিব পৰিৱৰ্তনৰ হুংকাৰ৷ উত্তৰ-পূববাসীৰ সৈতে আলোচনাত মিলিত হ’ব ৰাহুল গান্ধী৷ এই বুলি এক সংবাদ মেল যোগে মন্তব্য দিয়ে এ আই চি চিৰ সাধাৰণ সম্পাদক তথা অসমৰ পৰ্যবেক্ষক হৰিশ ৰাৱটে৷

উত্তৰ-পূবত সংঘটিত হোৱা ঘটনা তথা পুলৱামাৰ দৰে ঘটনাক লৈ ৰাইজৰ লগত বাৰ্তালাপৰ বাবে আজি অসমত উপস্থিত আছিল উত্তৰাখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হৰিশ চন্দ্ৰ সিঙ ৰাৱট৷

আজি ৰাজীৱ ভৱনৰ এক সংবাদ মেল যোগে হৰিশ ৰাৱাটে কয় যে ৰাহুল দেশত ৰাহুল গান্ধীৰ নেতৃত্বত পৰিৱৰ্তনৰ বতাহ বলিছে৷ 

তেওঁ গোলাঘাট আৰু যোৰাহাটৰ এনে দুৰ্ভাগ্যজনক ঘটনাৰ বিষয়ে মন্তব্য আগবঢ়াই তেওঁলোকৰ প্ৰতি সমবেদনা জ্ঞাপন কৰে৷ লগতে কাইলৈ সুৰা সেৱন কৰি মৃত্যু হোৱা লোক আৰু পুলৱামাৰ জোৱান ছহিদসকললৈ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰাৰ বিষয়েও অৱগত কৰে৷ লগতে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পাছত ১০ বজাত কংগ্ৰেছ কৰ্মীৰ লগতে বিশেষ ব্যক্তিসকলো উপস্থিত হ’ব বুলি কয় ৰাৱাটে৷

লোকসভা নিৰ্বাচনীৰ পূৰ্বে কাইলৈ অৰ্থাৎ ২৬ ফেব্ৰুৱাৰীত অসমলৈ আহিব কংগ্ৰেছৰ অধ্যক্ষ ৰাহুল গান্ধী৷ অহা ২৬ ফেব্ৰুৱাৰীত ৰাহুল গান্ধীয়ে অসমলৈ অহাৰ কাৰ্যসূচীসমূহ এনেধৰণৰঃ

দিনৰ ১২.৩০ বজাত গুৱাহাটী বিমান বন্দৰত অৱতৰণ কৰিব অধ্যক্ষগৰাকীয়ে৷ 

১.০০-১.৩০ বজাত খানাপাৰাস্থিত অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰত বিৰোধী মহাজোঁটৰ জনসভাত অংশগ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে। আনহাতে, এই সভাত দেশৰ কেইবাটাও বিৰোধী ৰাজনৈতিক দলৰ নেতাই অংশগ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে। 

লগতে সেই দিনাই বিয়লি প্ৰায় ৪.৩০ বজাত কংগ্ৰেছৰ অধ্যক্ষ ৰাহুল গান্ধীয়ে আই টি এ’ প্ৰাগজ্যোতিষ সাংস্কৃতিক প্ৰকল্পত অনুষ্ঠিত হ’বলগীয়া নৰ্থ ইষ্ট কংগ্ৰেছ ক’-অৰডিনে’চন কমিটিৰ সভাত অংশগ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে।