newsnextone.com | বোকাজানঃ দুগৰাকী নিৰীহ যুৱকক কেইগৰাকীমান লোকে বৰ্বৰ ভাৱে আক্ৰমণ কৰি হত্যা কৰাৰ ঘটনাৰ প্ৰতিক্ৰিয়া-প্ৰতিবাদ আজিও অব্যাহত আছে৷ কাৰ্বি আংলঙৰ ডকমকাত গুৱাহাটীৰ দুই উদীয়মান যুৱক নিলোৎপল দাস আৰু অভিজিৎ নাথক দুৰ্বৃত্তই নৃসংশভাৱে হত্যা কৰা ঘটনাক সমাজৰ সৰ্বপ্ৰকাৰৰ লোকে নিন্দা কৰিছে৷ 

ৰাজ্যৰ চৌদিশে ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰি দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী জনাই অহাৰ সময়তে ঘটনাৰ অন্যতম অভিযুক্ত আলফাজছ তিমুং আৰক্ষীৰ জালত পৰে৷ ৰাইজে কৰা প্ৰতিবাদৰ ফলত অসম চৰকাৰে আৰক্ষীক সষ্টম হোৱাৰ লগতে ঘটনাৰ সৈতে জড়িত সকলো লোকক গ্ৰেপ্তাৰ কৰিবলৈ নিৰ্দেশ দিয়ে৷ ফল স্বৰূপে অসম আৰক্ষীৰ উচ্চ পদস্থ বিষয়াই এই ঘটনাৰ নিৰীক্ষণ কৰি অভিযুক্তক আটক কৰাৰ বাবে অভিযান চলাই৷ ইতিমধ্যে এই ঘটনাৰ সৈতে জড়িত ২৭ গৰাকী লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়৷    

যোৱা তিনিটা দিন কাৰ্বি আংলং আৰক্ষী আৰু অসম আৰক্ষীৰ উচ্চ পদস্থ বিষয়াই অভিযান চলাই ঘটনাৰ অন্যতম অভিযুক্ত ৰূপে চিনাক্ত কৰা আলফাজছ তিমুং নামৰ যুৱকজনক মঙলবাৰে নিশা জালত পেলাবলৈ সক্ষম হয়৷ ঘটনা সংঘটিত কৰি পাণজুৰি গাঁও এৰি পৰায়ন কৰা আলফাজছে থিতাপি লৈ থকা ঠিকনা উদ্ধাৰ কৰি গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ উক্ত নিশা গাঁৱত সোপাধৰা অহা বুলি আতংক বিয়পাইছিল আলফাজছে৷

প্ৰথম অৱস্থাত গাঁও খনৰ পৰা দুৰত কাণ্ঠিলাংচত আলফাজছে নিলোৎপল আৰু অভিজিতৰ সৈতে তৰ্কাতৰ্কিত লিপ্ত হৈছিল৷ সেই সময়ত কিছু যুৱক সমবেত হৈছিল। তাৰ পিছতে তাৰ পৰা সোনকালে ওলাই অহাৰ চেষ্টা কৰিছিল দুয়ো নিৰীহ যুৱকে। কিন্তু আলফাজছে তৰ্কাতৰ্কিৰ পোতক তুলিবলৈ গাঁওখনত ফোন কৰি খবৰ দিছিল সোপাধৰাই কলা গাড়ী লৈ গৈ আছি বুলি৷ একাংশ যুৱকে নিলোৎপল আৰু অভিজিতৰ গা়ীত শিলাবৰ্ষণ কৰিছিল। প্ৰাণৰ মমতাত তীব্ৰ গতিত গাড়ীত চলাই অহাৰ সময়তে তাৰ পিছতে একাংশ যুৱকে লাঠি-জোঁং লৈ সাঁজু হৈ আছিল গাঁওখনত৷

আলফাজছে এখন কলা গাড়ীত শিশু অপহৰণ কৰিব অহা বুলি প্ৰচাৰ কৰাত গাড়ী খনৰ বাবে একাংশ লোকে ৰৈ আছিল৷ যুৱকসকলে আলফাজছৰ কথা মতেই উত্তজিত হৈ পৰে আৰু আক্ৰমণ কৰিবলৈ উদ্যত হয়৷ গাড়ী খন অহাৰ পিছতে কোনো কথাক অৱতাৰণা নকৰাকৈ প্ৰথমে গাড়ীৰ গ্লাছত আক্ৰমণ কৰে৷ গ্লাছ সমূহ ভাঙি দুয়োকে গাড়ীৰ পৰাই উলিয়াই মাৰ ধৰ কৰিবলৈ আৰম্ভ কৰিছিল৷ কেইজনমান যুৱকে গাড়ীত কি আছে সেয়া প্ৰত্যক্ষ কৰাৰ লগতে দুয়ো যুৱকৰ পৰা টকা-পইচা পৰ্যন্ত কাঢ়ি নিছিল৷ আলফাজছ তিমুঙে মোবাইল ফোন যোগে সোপাধৰাৰ উৰাবাতৰি বিয়পোৱাৰ বাবেই বৰ্বৰ ভাৱে আক্ৰমণ কৰি নীলোৎপল–অভিজিতক হত্যা কৰা হয়৷ 

ঘটনা সংঘটিত কৰি দুৰ্গম এলেকাত থিতাপি লৈ আছিল আলফাজছে৷ কাৰ্বি আংলং আৰক্ষীয়ে অভিযান চলোৱাৰ অন্তত এক পাহাৰীয়া অতি দুৰ্গম এলেকাত আত্মগোপন কৰি থকা অৱস্থাত আটক কৰিবলৈ সক্ষম হয়৷ কাৰ্বি আংলং আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ডকমকা কাণ্ডৰ মূল অভিযুক্ত ৰূপে চিনাক্ত কৰা আলফাজছক অঞ্চলটোত ‘আলফা’ বুলি পৰিচিত৷