newsnextone.com| ডিজিটেল ডেস্কঃ দেশত জৰুৰীকাল লাগু কৰাৰ ৪৩ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষ্যে বিজেপিয়ে সমগ্ৰ দেশ জুৰি ক’লা দিৱস পালন কৰা পৰিলক্ষিত হৈছে৷ বিজেপিৰ এনে কাৰ্যত পিছত বিজেপিয়ে কংগ্ৰেছক আক্ৰমণ কৰাৰ দৰে বিৰোধীয়েও বিজেপিক আক্ৰমণৰ লক্ষ্য কৰি লোৱা পৰিলক্ষিত হৈছে৷ এআইএমআইএমৰ নেতা তথা সাংসদ অচদুদ্দীন ঔবেছীয়েও বিজেপিৰ ক’লা দিৱস পালনক লৈ আক্ৰমণ কৰা দেখিবলৈ পোৱা গৈছে৷

ঔবেছীয়ে কয়, ‘কোনো ব্যক্তিয়েই ইমাৰজেন্সী, মহাত্মা গান্ধীৰ হত্যা, বাবৰী বিধ্বংস, ১৯৮৪ চনৰ শিখ সংঘৰ্ষ আৰু ২০০২ চনৰ গুজৰাট সংঘৰ্ষৰ কথা পাহৰি যাব নালাগে৷ স্বাধীন ভাৰতৰ এইসমূহ গুৰুত্বপূৰ্ণ ঘটনা৷’

ইফালে বিজেপিৰ প্ৰবক্তা সন্বিত পাত্ৰাক আক্ৰমণ কৰি ঔবেছীয়ে কয়, ‘সন্বিত এতিয়াও সৰু হৈয়ে আছে৷ এই সৰু ল’ৰাটোৰ বাপেকৰ সৈতে আমাৰ ভাল সম্পৰ্ক৷ যেতিয়া ডাঙৰে কথা আলোচনা কৰি থাকে, তেতিয়া সৰু ল’ৰাই কাষত পেক পেকাই থাকিব নালাগে৷’

ঔবেছীৰ এই ইতিকিং সূচক মন্তব্যৰ প্ৰত্যুত্তৰ দিয়ে সন্বিতেও৷ বিজেপিৰ প্ৰবক্তা সন্বিত পাত্ৰাই ঔবেছিক সমালোচনা কৰি কয়, ‘আজিৰ ৰাজনৈতিক সমীকৰণৰ পিছত মোৰ এয়া কবলৈ অলপো অসুবিধা হোৱা নাই যে ঔবেছী ভাৰতৰ বুকুত জিন্নাৰ দ্বিতীয় ৰূপ৷ তেওঁ হিন্দু মুছলমানৰ মাজত বিভেদ সৃষ্টি কৰি মুছলমান সকলক উত্তেজিত কৰিব বিচাৰিছে৷ তেওঁৰ এই নতুন ৰণ নীতি খুবেই ভয়ানক আৰু দেশৰ বাবে ক্ষতিকাৰক৷ তেওঁ অক্ষমণীয় অপৰাধ কৰি আছে৷’