ৱাশ্বিংটনঃ গৰ্ভপাত কৰাটো আইনমতে দণ্ডনীয় অপৰাধ৷ এই বিষয়ক লৈ আমেৰিকাস্থিত অলবামাৰ চিনেটে গৰ্ভপাত কৰাৰ বিষয়ত নিষেধাজ্ঞা আইন জাৰি কৰিছে৷ আনহাতে, চিকিৎসকে এই বিষয়ত সহায় কৰিলে তেওঁক ৯৯ বছৰৰ বাবে জেইলত দিয়া হ’ব৷
এক প্ৰতিবেদনৰ সূত্ৰে এই বিধেয়কখন প্ৰণয়ন কৰাৰ বহু বিতৰ্কৰ পাছতহে এই সিদ্ধান্তত পৰিণত হয়৷ কিন্তু আমেৰিকাৰ অলবামা হাউছে গৰ্ভপাতৰ কিছু ক্ষেত্ৰত কিছুমান নিয়ম বান্ধি দিছে৷ যদি গৰ্ভাৱস্থা মহিলা গৰাকীৰ শাৰিৰীক অৱস্থা সংকটজনক, নতুবা গৰ্ভত থকা সন্তানটিৰ মাৰাত্মক বেমাৰ তেন্তে সেই বিষয়ত চালি জাৰি চাই মহিলাগৰাকী গৰ্ভপাত কৰাব পাৰে৷