গুৱাহাটীঃ শত্ৰুক ৰুধিবলৈ ভাৰতীয় বায়ু সেনাবাহিনীত আজিৰে পৰা সংযোজন হ'ল 'Apache attack helicoptar'ৰ। এয়াৰ ষ্ট্ৰাইকৰ বাবে অতি সুবিধাজনক এই হেলিকপ্টাৰখন ভাৰতে শনিবাৰে লাভ কৰিছে আমেৰিকাৰ পৰা।

অত্যাধুনিক হেলিকপ্টাৰখন ক্ৰয় কৰাৰ বাবে ভাৰতে আমেৰিকাৰ লগত তিনিবছৰৰ পূৰ্বে ক্ৰয়ৰ চুক্তিত স্বাক্ষৰ কৰিছিল। সেই চুক্তি অনুসৰি ভাৰতে আমেৰিকাৰপৰা মুঠ ২২ খন "apache attack helicopter" লাভ কৰিব। আজি এৰিজ'নাত ভাৰতৰ এয়াৰ মাৰ্ছেল এছ এছ বুটলাৰ উপস্থিতিত  আমেৰিকাই ভাৰতক প্ৰদান কৰে প্ৰথমখন হেলিকপ্টাৰ। ইয়াৰ উপৰিও চলিত বৰ্ষৰ জুলাই মাহত আৰু কেইবাখনো হেলিকপ্টাৰ আমেৰিকাই ভাৰতক প্ৰদান কৰিব। অত্যাধুনিক হেলিকপ্টাৰখন পৰিচালনা কৰাৰ বাবে ভাৰতৰ এটা বিশেষ গোটে আমেৰিকাৰ সেনাৰ তত্বাৱধানত প্ৰশিক্ষণ গ্ৰহণ কৰি আছে।

উল্লেখ্য যে, হেলিকপ্টাৰখন ঘণ্টাত ৩৬৫ কিমি বেগত উৰিব পৰা ক্ষমতা আছে। ইয়াৰ উপৰিও অত্যাধুনিক হেলিকপ্টাৰখনৰ সন্মুখত আছে এটা চেঞ্চৰ। যাৰ ফলত ৰাতি আন্ধাৰতো শত্ৰু পক্ষক অতি সহজে আক্ৰমণ কৰিব পাৰে হেলিকপ্টাৰখনে।

এটা গুৰুত্বপূৰ্ণ কথা এই যে ২০১১ চনৰ ২ মে' বিশ্ব কপোঁৱা সন্ত্ৰাসবাদী ওচামা-বিন লাডেনক এইখন হেলিকপ্টাৰৰ সহায়তে হত্যা কৰিছিল আমেৰিকাই।