newsnextone.com | ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে আমেৰিকাৰ মেৰিলেণ্ডস্থিত কেপিটেল গেজেট কাকতৰ কাৰ্যালয়ত অচিনাক্ত বন্দুকধাৰীয়ে আক্ৰমণ কৰা বুলি জানিব পৰা গৈছে৷ বন্দুকধাৰীৰ আক্ৰমণত কেইবাগৰাকী লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে৷ এতিয়ালৈ ৫গৰাকী লোকৰ মৃত্যু হোৱা বুলি খবৰ ওলাইছে যদিও মৃত্যুৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে৷ ইতিমধ্যে প্ৰায় ২০গৰাকী লোক আহত হৈছে৷ বৃহস্পতিবাৰে এজন লোকক আটক কৰে আৰক্ষীয়ে৷ ঘটনাত আহত লোকক ইউনিৰ্ভাছিটি অৱ মেৰিলেণ্ড মেডিকেল চেণ্টাৰত ভৰ্তি কৰা হয়৷

কেপিটেল গেজেটৰ সাংবাদিকে জনোৱা মতে, সন্ত্ৰাসবাদীয়ে দুৱাৰ খুলি কাৰ্যালয়ৰ ভিতৰলৈ সোমায় যায়৷ তাত কৰ্মৰত সাংবাদিক আৰু আন আন লোকক লক্ষ্য কৰি গুলীচালনা কৰে৷ এগৰাকী সাংবাদিকে টুইট কৰি তেওঁ নিজেই টেবুলৰ তলত লুকুৱাই প্ৰাণ ৰক্ষা কৰা বুলি কয়৷ সেই সময়ত এটাৰ পিছত এটা গুলীৰ শব্দ ওলাইছিল৷ ইয়াতকৈ ভয়াবহ আৰু একো হ’ব নোৱাৰে বুলি কয়৷

ঘটনা সংঘটিত হোৱাৰ পিছতে সমগ্ৰ কাৰ্যালয় ঘেৰি লৈ অভিযান চলাই আৰক্ষীয়ে৷ সাধাৰণ লোকক এলেকাৰ পৰা আঁতৰ কৰা হয়৷ এই ঘটনাৰ সৈতে অল কায়দাৰ এটি শাখা জড়িত থকাৰ সন্দেহ কৰা হৈছে৷ এই ঘটনা কিয় সংঘটিত কৰিলে সেই কথা এতিয়ালৈ পোহৰলৈ অহা নাই৷