ডিজিটেল ডেস্কঃ প্ৰচণ্ড ধুমুহা আৰু বানপানীয়ে প্ৰাণ কাঢ়িলে বহুজনৰ৷ ধুমুহা আৰু বানপানীয়ে সমগ্ৰ ৰা বিধ্বস্ত কৰিছে আমেৰিকা৷ দেশখনৰ পশ্চিম আৰু দক্ষিণ প্ৰান্তত হোৱা ধুমুহা আৰু বানপানীৰ ফলত ভয়ানক ক্ষতিৰ সন্মুখীন হৈছে অঞ্চলবাসী৷

দেওবাৰে অহা ধুমুহাৰ ফলত প্ৰায় ১৪ গৰাকী লোকৰ মূত্যু হোৱাৰ লগতে গৃহহাৰা হয় বহুতো পৰিয়াল৷ ঠাইবিশেষে তুষাৰপাতৰ ঘটনাও সংঘটিত হয়৷ বানপানীত আবদ্ধ লোকসকলক উদ্ধাৰৰ বাবে উদ্ধাৰ অভিযানত ব্যস্ত হৈ পৰিছে উদ্ধাৰকাৰী দল৷ টুইটাৰত দেশখনৰ আৰক্ষী বিভাগে প্ৰকাশ কৰিছে যে ফুটবলৰ গোলপষ্ট বাগৰি পৰাৰ ফলত এটি শিশুৰ মৃত্যু হয়৷

আনহাতে এক উদ্ধাৰ অভিযানত উদ্ধাৰ কালত অগ্নি নিৰ্বাপক বাহিনীৰ এগৰাকী স্বেচ্ছাসেৱী মৃত্যু মুখত পৰে৷  ধুমুহাৰ ফলত প্ৰায় ৰাষ্ট্ৰীয় ঘাইপথৰ ৫৬ কিমি পথ ক্ষতিগ্ৰস্ত হয়৷