newsnextone.com | ডিজিটেল ডেস্কঃ আমেৰিকাৰ উচ্চতম ন্যায়ালয়ে মঙলবাৰে এক নিৰ্দেশ যোগে দেশ খনৰ ৰাষ্ট্ৰপতি ডলাল্ড ট্ৰাম্পক মুছলমান অধ্যুষিত দেশত ভ্ৰমণ নিষিদ্ধ কৰা পূৰ্বৰ ৰায়কে বাহাল ৰাখে৷ ন্যায়ালয়ত এয়া মুছলমানৰ সৈতে ভেদভাৱ হৈছে বুলি কৰা দাবীকো নস্যাৎ কৰে আমেৰিকাৰ উচ্চতম ন্যায়ালয়ে৷ আনহাতে মুছলমান লোকক আমেৰিকাত আহিব নিদিয়া নিৰ্ণয় ৰাষ্ট্ৰপতিৰ আভ্যন্তৰীণ বিষয় বুলি কয়৷

 নিম্ন আদালতৰ ৰায়ক নাকচ কৰি এই নিষিদ্ধকৰণক উচিত বুলি কয় ন্যায়ালয়ে৷ নিম্ন আদালতে ডনাল্ড ট্ৰাম্পৰ বিৰুদ্ধে এই সিদ্ধান্তক অসাংবিধানিক আখ্যা দিছিল৷মুখ্য ন্যায়াধীশ জন ৰৱাৰ্টছে কয় যে ৰাষ্ট্ৰপতিৰ সৈতে ইমিগ্ৰেছন পলিছিক ৰেগুলেট কৰিব পৰাৰ অধিকাৰ আছে৷ মুছলমানৰ বিৰুদ্ধে পক্ষপাতিত্বমূলক ব্যৱহাৰ কৰা হ’ব বুলি কৰা দাবীকো খাৰিজ কৰে৷ কিন্তু মুছলিমৰ বিৰুদ্ধে ট্ৰাম্পে কৰা মন্তব্য সন্দৰ্ভত একো মন্তব্য নকিৰলে আদালতে৷ 

ডনাল্ড ট্ৰাম্পে এটি টুইট কৰি আদালতৰ এই সিদ্ধান্তকলৈ সুখী বুলি কয়৷ যোৱ ডিচেম্বৰ মাহত আমেৰিকা উচ্চতম ন্যায়ালয়ৰ ৯গৰাকী ন্যায়াধীশৰ বেঞ্চে ডনাল্ড ট্ৰাম্পৰ মুছলিম দেশ ভ্ৰমণ নিষিদ্ধ কৰিছিল৷ ইৰাণ, লিবিয়, চিৰিয়া, য়েমেন আদি দেশৰ নাগৰিকক আমেৰিকত প্ৰৱেশ নিষিদ্ধ কৰে৷