শিৱসাগৰৰ আমগুৰিত অগপৰ কেন্দ্ৰীয় অধিৱেশনৰ পূৰ্বে পিষ্টলসহ দুজনকৈ যুৱকক গ্ৰেপ্তাৰ,ব্যাপক চাঞ্চল্য

newsnextone ১০অক্টোবৰ,শিৱসাগৰঃ শিৱসাগৰ জিলাৰ আমগুৰিত অনুষ্ঠিত হ’বলগীয়া অগপৰ কেন্দ্ৰীয় অধিৱেশনৰ পূৰ্বে অর্থাৎ বুধবাৰে পিষ্টলসহ দুজনকৈ যুৱকক গ্ৰেপ্তাৰ কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। উল্লেখযোগ্য যে বিধায়ক প্ৰদীপ হাজৰিকা বাসগৃহৰ মাত্ৰ তিনিশ মিটাৰ আঁতৰত চিআৰ পি এফ বাহিনীয়ে মটৰ চাইকেলেৰে অহা অৱস্থাত দুজন যুৱকক দুই জাই সজীৱ গুলী আৰু দুটাকৈ পিষ্টলৰ সৈতে আটক কৰিবলৈ সক্ষম হয়। 

শিৱসাগৰৰ হালোৱাটিংস্থিত ৩/১১৯ চি আৰ পি এফ আৰু ১৭ নং পাৰা ৰেজিমেন্টৰ এক বাহিনীয়ে গোপন সূত্ৰৰ পম খেদি গোলাঘাট মেৰাপানীৰ কৃষ্ণ সোনোৱাল আৰু বৰহোলাৰ হিৰেন সোনোৱালক হাতে লোটে জালুক গাঁওৰ সমীপৰ পৰা আটক কৰে। 

অগপৰ কেন্দ্ৰীয় সমিতিৰ অধিবেশন আৰম্ভ হ’বলৈ মাত্ৰ তিনিদিন থকাৰ আগমুহূৰ্তত বিধায়ক হাজৰিকাৰ বাসগৃহৰ কাষতে অস্ত্ৰধাৰী দুই যুৱকক গ্ৰেপ্তাৰৰ পিছতেই শংকিত হৈ উঠিছে আমগুৰিবাসী ৰাইজ। অগপৰ বিধায়ক প্ৰদীপ হাজৰিকাক পূৰ্বে অস্ত্ৰধাৰী অজ্ঞাত লোকে গুলিয়াই গুৰুতৰভাৱে আঘাটপ্ৰাপ্ত কৰিছিল। তেনে সময়তে সমাগত দূৰ্গাপূজা আৰু অধিৱেশনৰ পূৰ্বে দুজনকৈ অস্ত্ৰধাৰী যুৱকক হাজৰিকাৰ বাসগৃহৰ সন্মুখতে গ্ৰেপ্তাৰ হোৱাত আমগুৰিৰ নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰিবলৈ স্থানীয় ৰাইজে দাবী জনাইছে । উল্লেখ্যোগ্য যে, অস্ত্ৰধাৰী যুৱক দুজনক বিধায়ক হাজৰিকাৰ বাসগৃহৰ সমীপৰ এখন দুৰ্গম হাবিৰ সমীপৰ পৰা আটক কৰা ঘটনাই আজি কূটাঘাটৰ বাবে অহা বুলি সন্দেহ কৰিছে একাংশ লোকে। বিধায়ক হাজৰিকাৰ পুত্ৰ সুদৰ্শন হাজৰিকাই এনে ঘটনাক সহজভাৱে লব নোৱাৰি বুলি উল্লেখ কৰি কেন্দ্ৰীয় অধিৱেশনৰ পূৰ্বে ৰাজনৈতিক ষড়যন্ত্ৰৰ অভিসন্ধি হব পাৰে বুলি  প্ৰকাশ কৰিছে। বিধায়ক হাজৰিকাৰ পুত্ৰ সুদৰ্শন হাজৰিকাই নিজা বাসগৃহলৈ আহি থকাৰ ১৫ মিনিট পূৰ্বে চি আৰ পি এফ বাহিনীয়ে দুই যুৱকক বাসগৃহৰ সমীপত আটক কৰা ঘটনাই তাৎপৰ্য বহন কৰিছে। ইতিমধ্যে চি আৰ পি এফ বাহিনীয়ে দুই অস্ত্ৰধাৰী যুৱকক স্বাস্থ্যপৰীক্ষা কৰাই আমগুৰি আৰক্ষীক চমজাই দিছে।

শিৱসাগৰৰ পৰা জিয়াৰুদ্দিন আহমেদ