আমগুৰিঃ যোৰহাট লোকসভা সমষ্টিৰপৰা কংগ্ৰেছ দলৰ প্ৰাৰ্থিত্ব লাভ কৰাৰ পাছত সুশান্ত বৰগোঁহাইক দেওবাৰে শিৱসাগৰ আৰু যোৰহাট জিলাৰ সংযোগস্থল জাঁজীত আদৰণি জনায় দলটোৰ কেইবা শতাধিক সমৰ্থকে। 

যোৰহাট লোকসভা সমষ্টিৰপৰা কংগ্ৰেছ প্ৰক্ষেপিত প্ৰাৰ্থীজনে শিৱসাগৰ জিলাত প্ৰৱেশ কৰিয়েই সমষ্টিটোত এই বাৰ যুঁজ আৰ্কষণীয় হ'ব বুলি মন্তব্য প্ৰকাশ কৰাৰ লগতে মিত্ৰযোঁট প্ৰক্ষেপিত প্ৰাৰ্থী তপন গগৈৰ অস্তিত্ব "আছু"ত থাকোতেহে আছিল এতিয়া অগপ-বিজেপি সমৰ্থিত প্ৰাৰ্থী জনৰ আমগুৰিত কোনো অস্তিত্ব নাই বুলি ৰাজহুৱাভাৱে মন্তব্য আগবঢ়ায়৷

সমান্তৰালভাৱে নাগৰিকত্ব সংশোধনী বিধেয়কে এইবাৰ নিৰ্বাচনত প্ৰভাৱ পেলাব বুলিও সাংবাদিকৰ আগত প্ৰকাশ কৰে বৰগোঁহাইয়ে৷