আগৰতলাঃ ত্ৰিপুৰা বিধান সভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগ লগে বিজেপিয়ে ত্ৰিপুৰা দখলৰ বাবে উঠি-পৰি লাগিছে৷ দেওবাৰে দুখনকৈ বৃহৎ সভা অনুষ্ঠিত কৰি বিজেপিয়ে ৰণডংকা বজাই৷ সভাত উপস্থিত থাকে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহ৷ অমিত শ্বাহে ত্ৰিপুৰাত বিজেপিয়ে চৰকাৰ গঠন কৰিব পাৰিলে চিটফাণ্ড কেলেংকাৰীৰ তদন্ত কৰিব বুলি ঘোষণা কৰে৷

একেলগে ত্ৰিপুৰাৰ বিভিন্ন কেলেংকাৰীৰ তদন্ত কৰাৰ কথাও ঘোষণা কৰে৷ মঞ্চত সেই সময়ত বহি আছিল অসমৰ মন্ত্ৰী তথা নেডাৰ আহ্বায়ক ড০ হিমন্ত বিশ্ব শৰ্মা৷ কিয়নো চিটফাণ্ড কেলেংকাৰী পোহৰত অহাৰ সময়ত হিমন্ত আছিল কংগ্ৰেছৰ মন্ত্ৰী৷ তেতিয়া হিমন্ত্ৰ বিশ্ব শৰ্মা এই কেলেংকাৰীত জড়িত থকা বুলি ব্যাপক অভিযোগ উত্থাপন হৈছিল৷ সেই সময়ত ৰাজ্যত ব্যাপক আন্দোলন হৈছিল চিটফাণ্ড কেলেংকাৰীৰ বিৰুদ্ধে৷

বিজেপিয়ো হিমন্ত বিশ্ব শৰ্মাক চিটফাণ্ড কেলেংকাৰীত জড়িত বুলি অভিযোগ উত্থাপন কৰিছিল৷ আনকি চিটফাণ্ড তথা সাৰদা কেলেংকাৰী লুই বাৰ্জাৰ কেলেংকাৰীত জড়িত বুলি এখন প্ৰচাৰ পত্ৰিকাও প্ৰকাশ কৰিছিল৷ কিন্তু এতিয়া সময় সলনি হ’ল এতিয়া বিজেপিৰ প্ৰভাৱশালী নেতা বিজেপিৰ৷ ৰাষ্ট্ৰীয় সভাপতিৰ সৈতে একেখন মঞ্চত বহি নিৰ্বাচনী প্ৰচাৰ চলাই গৈছে৷

আগৰতলাৰ ধলাই জিলাৰ আমবাছাৰ কুলাই স্কুলৰ খেলপথাৰত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিয়ে ত্ৰিপুৰাক সলনি কৰাৰ এয়াই সময় বুলি কয়৷ ত্ৰিপুৰৰা উন্নয়ণৰ বাবে অহা টকা লুটি-পুটি খাইছে৷ তেওলোকক ৰেহাই দিয়া নহ’ব বুলি কয়৷ ৰাজ্যৰ মানুহক দৰিদ্ৰ হৈ কৰি ৰাখিব বিছাৰিছিল ইমান দিনে৷ ত্ৰিপুৰাৰ চিটফাণ্ড কেলেংকাৰীত কোনে লাভৱান হৈছে কেই কথা বিজেপিয়ে যিমান জানে ত্ৰিপুৰাৰ ৰাইজে আৰু ভালকৈ জানে৷ সিহতৰ সময় সমাপ্ত হ’ব৷ চিটফাণ্ড কেলেংকাৰী কৰিছে তেওলোকে৷

তদন্ত কৰি সকলো পোহৰলৈ অনা হ’ব৷ মাটিৰ তলত থাকিলেও ৰেহাই দিয়া নহ’ব৷ জনগণৰ বাবে সেই টকাওভতাই দিব লাগিব৷ কেৱল চিটফাণ্ড কেলেংকাৰীয়ে নহয় বিজেপি চৰকাৰ হলে সকলো কেলেংকাৰীৰ তদন্তৰ হ’ব। যিয়ে দোষী সকলোৱে জেলত যাব লাগিব৷ যিয়ে এই কেলেংকাৰী কৰিছিল তেওলোকে উল্টা গণনা কৰি দিয়ক৷ কিয়নো তেওলোকৰ সময় সমাপ্ত৷ এনেদৰে জনসভাত অমিত শ্বাহে চিপিআইএমক সমালোচনাৰে থকা-সৰকা কৰে৷ যতেই কমিউনিষ্ট থাকে তাতেই দৰিদ্ৰতা থাকে৷

দৰিদ্ৰক লৈ ৰাজনীতি কৰে তেওলোকে৷ যদি দৰিদ্ৰতা নাথাকে তেওঁলোকৰ ৰাজনীতি নাথাকিব। আনহাতে সভাত ভাষণ প্ৰদান কৰি ত্ৰিপুৰাত হ’ব এইমছ সদৃশ চিকিৎসালয় হ’ব বুলি কয় হিমন্ত বিশ্ব শৰ্মাই৷ যাতায়াতৰ ব্যাপক উন্নয়ণ কৰা হ’ব ত্ৰিপুৰাত৷ আমবাচা, কুলাইত অনুষ্ঠিত সভাত ত্ৰিপুৰা বিজেপিৰ নিৰ্বাচনৰ প্ৰভাৰী অসমৰ স্বাস্থ্য শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চিতিৎসাৰ বাবে ত্ৰিপুৰাৰ লোকক বহিঃ ৰাজ্যত যাব নিদি ত্ৰিপুৰাত সকলো সুবিধা প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে৷

যোগাযোগ উন্নয়ণ কৰাৰ লগতে শিল্প, শিক্ষা ক্ষেত্ৰত পৰিৱৰ্তন কৰা হ’ব বুলি কয়৷ কৰ্মসংস্থাপনৰ সুযোগ দিয়া হ’ব বুলি কয়৷ এতিয়া বিজেপিৰ চৰকাৰেই ত্ৰিপুৰাৰ একমাত্ৰ বিকল্প৷ চিপিআইএমৰ চৰকাৰে মানুহৰ নুন্যতম সুবিধা প্ৰদান কৰিব পৰা নাই৷ এটাৰ পিছত এটা হত্যাকাণ্ড আৰু তালিবানী কায়দাৰে বিজেপি নেতাক হত্যা কৰাৰ অভিযোগ উত্থাপন কৰে হিমন্তই৷