গুৱাহাটীঃ ভাৰতীয় জনতা পাৰ্টীৰ সভাপতি অমিত শ্বাহে দেওবাৰে লক্ষিমপুৰ জিলাৰ বি জে পি যুৱ ৰেলীত অংশগ্ৰহণ কৰে৷ এই ৰেলীত ভাষণ প্ৰদান কৰি শ্বাহে কয় যে বি জে পি পুনৰ ক্ষমতালৈ আহিলে নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ পুনৰ সংসদত উত্থাপন কৰা হ’ব৷ 

তেওঁ লগতে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এই বিধেয়কখন পুনৰ গৃহীত কৰাৰ চেষ্টা কৰিব৷ 

উল্লেখ্য যে, অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ লোকে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে তীব্ৰ আন্দোলন গঢ়ি তুলিছিল৷ খিলঞ্জীয়াৰ অস্তিত্ব ধ্বংস কৰিব বুলি আংশকা কৰা এই বিধেয়কখন পুনৰ আনিব বুলি কৈ বি জে পি ৰাষ্ট্ৰীয় সভাপতিজনে উত্তৰ-পূৰ্বাঞ্চলৰ খিলঞ্জীয়ালোকৰ আৱেগক ভৰিৰে মোহাৰি পেলোৱা দেখা গ’ল৷ 

অসম চুক্তিৰ ৬ নং দফাও বি জে পিয়ে কাৰ্যকৰী কৰিব বুলি তেওঁ প্ৰকাশ কৰে৷  

যোৱা বৃহস্পতিবাৰে কাশ্মীৰৰ পুলৱামাত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত গৰিহণা দি শ্বাহে অসমৰ লগতে সমগ্ৰ দেশৰ সন্ত্ৰাসবাদ বি জে পিয়ে নিৰ্মূল কৰিব বুলি ঘোষণা কৰে৷