newsnextone.com | ডিজিটেল ডেস্কঃ বিজেপি পিডিপিৰ চৰকাৰৰ পতন হোৱাৰ পিছতে দুদিনীয়া ভ্ৰমণ সূচীৰে শনিবাৰে কাশ্মীৰত উপস্থিত হয় বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহ৷ এখন বিশাল সমাবেশত অংশ লৈ অমিত শ্বাহে কংগ্ৰেছক তীব্ৰ সমালোচনা কৰে৷ বিগত দিনত কংগ্ৰেছ নেতাই দিয়া মন্তব্যক উভতি ধৰি শ্বাহে কংগ্ৰেছ নেতাৰ মন্তব্যৰ কথা কব নোৱাৰি বুলি কয়৷ গোলাম নবী আজাদৰ মন্তব্যক লস্কৰ-তৈবাৰ সৈতে তুলনা কৰে শ্বাহে৷
ৰাহুল গান্ধীক আক্ৰমণ কৰি কংগ্ৰেছৰ লস্কৰ-ই-তৈবাৰ সৈতে কি সম্পৰ্ক আছে কওক বুলি কয় শ্বাহে৷ বিজেপিয়ে কেতিয়াও কাশ্মীৰক ভাৰতৰ পৰা আঁতৰি যাব নিদিয়ে৷ শ্যামা প্ৰসাদৰ তেজৰ বিনিময়ত হিন্দুস্থানৰ অংশ হৈছে কাশ্মীৰ৷