শিৱসাগৰঃ 'সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নে ৭১ চনৰ পিছত অহা বিদেশীৰ বিৰোধিতা কৰি আহিছে আৰু কৰি যাব। ধৰ্মৰ ভিত্তিত কোনো বিদেশীক আশ্ৰয় দিলে সংখ্যালঘু ছাত্ৰ ইউনিয়নে বিৰোধিতা কৰি যাবলৈ বদ্ধ পৰিকৰ।’- শিৱসাগৰ জিলাৰ দৰবাৰ খেলপথাৰত সংগঠনটোৱে তিনিদিনীয়াকৈ আয়োজন কৰা ৩৭ সংখ্যাক ছহীদ দিৱসত এইদৰে কয় সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ সভাপতি আজিজুৰ ৰহমানে।
উল্লেখ্য যে দিৱসৰ উপলক্ষে যোৱা ২০ মে’ত অনুষ্ঠিত হৈছিল সদৌ অসম ভিত্তিত চিত্ৰাংকন প্ৰতিযোগিতা। আনহাতে আজি দ্বিতীয় দিনা কাৰ্যসূচী অনুযায়ী পতাকা উত্তোলন কৰে আমছুৰ কেন্দ্ৰীয় সভাপতি আজিজুৰ ৰহমানে, বৃক্ষৰোপণ কৰে আমছুৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক আইনুদ্দিন আহমেদ।
সমন্বয়-সম্প্ৰীতিৰ সাংস্কৃতিক অনুষ্ঠান উদ্ধোধন কৰে স্বেচ্ছাসেৱী সংস্থা 'ঐক্য'ৰ সভাপতি ধনঞ্জয় শইকীয়াই, মুকলি সভা উদ্বোধন কৰে আমছুৰ প্ৰাক্তন সভাপতি আব্দুৰ ৰহিম আহমেদে।
দিনৰ ১.০০ বজাত অনুষ্ঠিত হয় মুকলি সভা। মুকলি সভাখন সঞ্চালনা কৰে আমছুৰ কেন্দ্ৰীয় সভাপতি আজিজুৰ ৰহমানে। উক্ত সভাত চিত্ৰাংকন প্ৰতিযোগিতাৰ বঁটা প্ৰাপক প্ৰতিযোগীসকলক বঁটা প্ৰদান কৰা হয়।
সভাখনত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে সদৌ তাই আহোম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা অশ্চিনী কুমাৰ চেতিয়া, সংগ্ৰামী যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সভাপতি দেৱজিত দত্ত, বেংগলী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ সভাপতি ৰঞ্জন ভৌমিক, আমগুৰি কলেজৰ অধ্যক্ষা ড' আছফিয়া চুলতানা হাজৰিকা, বিশিষ্ট লেখিকা দিপালী ভট্টাচাৰ্য, তাই আহোম যুৱ পৰিষদৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি হেমন্ত চাংমাই, আহোম জাতীয় গণ মঞ্চৰ কেন্দ্ৰীয় সভাপতি মহেন্দ্ৰ দিহিঙ্গীয়া, কোঁচ-ৰাজবংশী ছাত্ৰ সন্থাৰ শিৱসাগৰ জিলা সমিতিৰ সভাপতি মিনাল দত্ত, আমছুৰ কেন্দ্ৰীয় সম্পাদক ইমতাছ হুছেইন, ছফিকুল ইছলামকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি।