newsnextone.com | ডিজিটেল ডেস্কঃ ২০১৯ৰ লোকসভা নিৰ্বাচনৰ বাবে নতুন নতুন ৰণ কৌশলেৰে নিৰ্বাচনী ৰণত অৱৰ্তীৰ্ণ হ’ল বিৰোধী আৰু বিজেপি৷ বিৰোধী দল কংগ্ৰেছে অন্যান্য বিৰোধী দলৰ সৈতে লগ লাগি বিজেপিৰ পৰাভূত কৰিবলৈ নতুন নীতি অৱলম্বন কৰা বুলি জানিব পৰা গৈছে৷ কেইবাটাও বিৰোধী দলে কংগ্ৰেছৰ সহযোগিতাত বিজেপিক পৰাস্ত কৰাৰ ইংগিতো দিছে৷
তেলেগু দেশম পাৰ্টি আৰু কংগ্ৰেছৰ মাজত মিত্ৰজোঁটৰ সম্ভাৱনাৰ বিষয়ে ৰাজনৈতিক মহলত চৰ্চা চলিছিল৷ অন্ধ্ৰ প্ৰদেশৰ শক্তিশালী দল হিচাপে চিহ্নিত তেলেগু দেশম পাৰ্টিৰ সহযোগত কংগ্ৰেছে ২০১৯ৰ নিৰ্বাচনত অৱৰ্তীৰ্ণ হ’ব বুলি বুলি বাতৰি প্ৰচাৰ হৈছিল৷