newsnextone.com | ডিজিটেল ডেস্কঃ অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৱে শনিবাৰে বিৰোধী দলক আক্ৰমণ কৰি কয় যে হিচাপবিহীন প্ৰতিশ্ৰুতি প্ৰদান কৰা লোকে প্ৰতিশ্ৰুতি পূৰণ কৰিব নোৱাৰে আৰু বিধানসভা নিৰ্বাচনৰ পিছত যদি ‘বান্দৰৰ দল’ শাসনলৈ আহে তেন্তে ৰাজ্য ধ্বংস হোৱাটো নিশ্চত৷

তেলেগু দেশম পাৰ্টীৰ তৰফৰ পৰা আয়োজিত এক অনুষ্ঠানত উপস্থিত থাকি মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৱে শিক্ষকসকলক সম্বোধিত কৰি আছিল৷ উল্লেখ্য যে, কিছুদ্ন পূৰ্বে ৰাজ্যখনৰ শিক্ষকসকলৰ দৰমহা বৃদ্ধি কৰাৰ পিছত শিক্ষকসকলে মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰিবলৈ অনুষ্ঠানত অংশ লৈছিল৷ 

অনুষ্ঠানত শিক্ষক সকলক সম্বোধন কৰি চন্দ্ৰবাবু নাইডুৱে কয়, ‘কিছুমান লোকে বেহিচাপী প্ৰতিশ্ৰুতি প্ৰদান কৰি আছে, যিবোৰ পালন কৰিব নোৱাৰে৷ যদি এনে বান্দৰৰ দল শাসনাধিষ্ঠিত হয়, তেন্তে ৰাজ্য ধ্বংস হ’ব৷’

আনহাতে, নাইডুৱে এয়াও কয় যে বিকাশ তেতিয়াহে সম্ভৱ যেতিয়া এটা দলেই একেৰাহে বিজয়ী হৈ শাসনাধিষ্ঠিত হয়৷ অন্যথা সমগ্ৰ ৰাজ্য নিশ্চিত বিপদত পৰিব৷ 

আনফালে, নাইডুৱে অনুষ্ঠানত কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি কয় যে নোটবন্দী আৰু জিএছটিৰ বাবে সমগ্ৰ ৰাজ্যবাসী অসুবিধাৰ সন্মুখীন হৈছে৷ তেওঁ দেশৰ কৃষি ক্ষেত্ৰ বিনষ্ট কৰা বুলিও কেন্দ্ৰীয় মোডী চৰকাৰৰ বিৰুদ্ধে অভিযোগ কৰে৷

নাইডুৱে কয়, কেন্দ্ৰীয় চৰকাৰৰ সহযোগ অবিহনেও তেওঁৰ চৰকাৰে অন্ধ্ৰ প্ৰদেশত বহু উন্নয়ন সাধন কৰিবলৈ সক্ষম হৈছে৷ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৱে অংগনৱাড়ী কৰ্মীসকলক গ্ৰামাঞ্চলত তেওঁৰ হৈ প্ৰচাৰ চলাবলৈ আহ্বান জনাই কয় যে অন্ধ্ৰ প্ৰদেশে তেতিয়াও সুনিশ্চিত ভৱিষ্যত লাভ কৰিব যেতিয়া চন্দ্ৰবাবু নাইডুৱে চৰকাৰ চলাই থাকিব৷