মাৰ্ঘেৰিটাঃ সদৌ অসম অংগনবাড়ী কৰ্মী-সহায়িকা সন্থাৰ কেন্দ্ৰীয় সভানেত্ৰী ৰূপা আৰন্ধৰা গগৈৰ বিৰুদ্ধে অপপ্ৰচাৰ চলোৱাৰ অভিযোগ উত্থাপন কৰিছে সংগঠনটোৱে৷

অংগনবাড়ী কৰ্মী-সহায়িকা সন্থাৰ মাৰ্ঘেৰিটা সমিতিৰ যুটীয়া সম্পাদিকা ভাৰতী বৰগোহাঁইয়ে নিজকে সম্পাদিকা বুলি পৰিচয় দি সংবাদ মাধ্যমৰ জৰিয়তে বাতৰি প্ৰকাশ কৰা বুলি অভিযোগ উত্থাপন কৰি ক্ষোভ ব্যক্ত কৰে সংগঠনটোৱে৷

অংগনবাড়ী কৰ্মী-সহায়িকা সন্থাৰ মাৰ্ঘেৰিটা সমিতিৰ যুটীয়া সাধাৰণ সম্পাদিকা প্ৰমীলা বৰুৱাই সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতি যোগে ভাৰতী বৰগোহাঁইৰ বিৰুদ্ধে সংগঠন বিৰোধী কাৰ্যত লিপ্ত থকাৰো অভিযোগ কৰে৷

মাৰ্ঘেৰিটা সমিতিৰ পৰা আঠ গৰাকী বিষয়ববীয়াই প্ৰাথমিক সদস্যাপদ ত্যাগ কৰা ঘটনাৰ সৈতে সভানেত্ৰী ৰূপা আৰন্ধৰা গগৈৰ নামটো সাঙুৰ খোৱা বিষয়টোত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কেন্দ্ৰীয় সভানেত্ৰী ৰূপা আৰন্ধৰা গগৈৰ নেতৃত্বত সংগঠনটোৱে কেইবাটাও দিশত সফলতা লাভ কৰিবলৈ সক্ষম হৈছে আৰু উক্ত আঠ গৰাকী সদস্যাই নিজস্ব দায়িত্ব পালনত অপাৰগ হোৱাৰ বাবেহে পদত্যাগ কৰিছে বুলি বিবৃতিত উল্লেখ কৰে৷

সংগঠনটোৰ বিৰুদ্ধে অপপ্ৰচাৰত লিপ্ত নহবলৈ সকলো পক্ষক সকীয়নি প্ৰদান কৰে অন্যথাই সংগঠনটোৱে আইনী ব্যৱস্থা গ্ৰহণ কৰিব বুলি সংবাদ মাধ্যমক বিবৃতিত উল্লেখ কৰে৷