ডিজিটেল ডেস্কঃ বিশ্বব্ৰহ্মাণ্ড সৃষ্টিৰ ৰহস্য উদঘাটন কৰিবলৈ বিজ্ঞানীসকলৰ চিন্তা-চৰ্চাৰ শেষ নাই। বৰ্তমান বিশ্বজুৰি প্ৰচলিত আৰু গৃহীত বিজ্ঞানী ষ্টিফেন হকিঙৰ ইনফ্লেশ্বন তত্বক প্ৰত্যাহ্বান জনোৱা এক নতুন তত্বৰ সমালোচনা কৰিবলৈ গৈ খং উঠিল হকিঙৰ।
চায়েণ্টিফিক আমেৰিকান নামৰ জাৰ্ণেলখনত প্ৰকাশিত সৃষ্টিতত্ব সংক্ৰান্তীয় এক প্ৰতিবেদনৰ সৈতে অসন্মতি প্ৰকাশ কৰি ষ্টিফেন হকিং সহিতে ৩২ জন বিজ্ঞানীয়ে ইনফ্লেশ্বন তত্বৰ পক্ষত বাখ্যা আগবঢ়াই কঠোৰ ভাষাৰে এখন চিঠি প্ৰেৰণ কৰে জাৰ্ণেলখনলৈ।