
ৰাজ্য জোকাৰি যোৱা এপিএছচি কেলেংকাৰীৰ তদন্ত আয়োগে প্ৰতিবেদন দাখিল কৰাৰ তিনি বছৰ পিছত ৰাজহুৱা কৰা হ’ল তদন্ত প্ৰতিবেদন। অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ তদন্ত সমিতিৰ প্ৰতিবেদন ৰাজহুৱা হোৱাৰ পিছতে ৰাজ্যৰ ৰাজনৈতিক মহলত পুনৰ এবাৰ সৃষ্টি হৈছে খলকনিৰ। এই প্ৰতিবেদনত এপিএছচি কেলেংকাৰীৰ সৈতে নাম সাঙোৰ খাই পৰিছে প্ৰাক্তন প্ৰয়াত মুখ্যমন্ত্ৰীৰ পৰা বৰ্তমানৰ বিধায়কলৈকে বহু জনৰ।
২০১৩ আৰু ২০১৪ চনৰ অসামৰিক সেৱাৰ পৰীক্ষাৰ জৰিয়তে দুৰ্নীতিৰ কেন্দ্ৰবিন্দু হৈ পৰিছিল অসম লোকসেৱা আয়োগ। নিযুক্তিৰ নামত এক বৃহৎ কেলেংকাৰী সংঘটিত হোৱাৰ তথ্য পোহৰলৈ অহাৰ পিছতে ৰাজ্যজুৰি সৃষ্টি হৈছিল তীব্ৰ চাঞ্চল্যৰ। এপিএছচিত ধনৰ বিনিময়ত চাকৰি বিক্ৰী হোৱাৰ বিস্ফোৰক তথ্য পোহৰলৈ আহিছে ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ তদন্ত সমিতিৰ প্ৰতিবেদনত। তদন্ত সমিতিয়ে মন্তব্য কৰে যে এই সাংবিধানিক সংস্থাটোক "ব্যক্তিগত গিল্ড"লৈ ৰূপান্তৰিত কৰা হৈছিল, য'ত নিয়োগৰ মূল ভিত্তি যোগ্যতাৰ পৰিৱৰ্তে হৈ পৰিছিল উৎকোচ আৰু পৰিচিতি।
২০১৬ চনত ‘কেছ ফৰ জবছ’ কেলেংকাৰী পোহৰলৈ অহাৰ পিছত এপিএছচিৰ নিযুক্তি প্ৰক্ৰিয়াত ব্যাপক দুৰ্নীতি পোহৰলৈ আহে। তেতিয়াৰ অধ্যক্ষ ৰাকেশ পালকে ধৰি প্ৰায় ৭০ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে, য’ত ৫০ জনতকৈ অধিক অসামৰিক আৰু আৰক্ষী বিষয়াও আছে। তদন্তত প্ৰকাশ পাইছে যে ২০০৮ চনত এপিএছচিৰ সদস্য হিচাপে নিযুক্তি পোৱাৰ পিছত, আৰু পিছলৈ ইয়াৰ অধ্যক্ষ হিচাপে নিযুক্তি পোৱাৰ পিছত ৰাকেশ পালে ইয়াক ব্যক্তিগত লাভজনক সংস্থালৈ ৰূপান্তৰিত কৰে। ২০১৩ আৰু ২০১৪ চনৰ ৰাজ্যিক অসামৰিক সেৱাৰ পৰীক্ষাৰ সময়ত এই দুৰ্নীতি শিখৰত উপনীত হয়।
বিকে শৰ্মা আয়োগৰ প্ৰতিবেদনৰ পৰা সাৰি গ’ল নেকি ৰৌ-বৰালি?
সোমবাৰে বিধানসভাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দাখিল কৰে এই কেলেংকাৰীৰ বি কে শৰ্মা তদন্ত সমিতিৰ প্ৰতিবেদন। প্ৰতিবেদনত স্পষ্টকৈ কোৱা হৈছে যে, "এই তদন্তত যি তথ্য ওলাইছে, সেই তথ্যই স্পষ্ট কৰি দিয়ে যে তেতিয়া এপিএছচি এটা ব্যক্তিগত সংস্থা বা চাকৰি বিক্ৰী কৰা গিল্ডত পৰিণত হৈছিল। আয়োগৰ সাংবিধানিক মৰ্যাদা সম্পূৰ্ণৰূপে ধ্বংস হৈছিল।"
একে সময়তে ৰাকেশ পালৰ নিযুক্তি সন্দৰ্ভতো কমিটিয়ে প্ৰশ্ন উত্থাপন কৰে। প্ৰথমে তেওঁ কেনেকৈ এপিএছচিৰ সদস্য হৈছিল আৰু পিছলৈ অধ্যক্ষ পদলৈ উন্নীত হৈছিল সেই লৈ সন্দেহৰ সৃষ্টি হৈছে। প্ৰতিবেদনত কোৱা হৈছে যে আয়োগৰ উচ্চতম পদ নিযুক্তিৰ পদ্ধতি ত্ৰুটিপূৰ্ণ আছিল আৰু ইয়াৰ ফলত নিযুক্তিৰ দুৰ্নীতিৰ দুৱাৰ মুকলি হৈছিল।
ইফালে বিকে শৰ্মা আয়োগৰ প্ৰতিবেদনত কেইবাজনো শীৰ্ষ নেতাক অভিযুক্ত কৰা হৈছে। প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু ৰাকেশ পালৰ সম্পৰ্কক লৈও উত্থাপন হৈছে অভিযোগ। বিকে শৰ্মা আয়োগৰ ওপৰত এপিএছচি কেলেংকাৰীৰ অন্যতম অভিযুক্ত ডা০ মৃগেন শইকীয়াই স্বীকাৰ কৰা অনুসৰি, ২০১৩ চনত প্ৰথমবাৰৰ বাবে ৰাকেশ পালে সাক্ষাৎ কৰিছিল মুখ্যমন্ত্ৰী তৰুণ গগৈক। এপিএছচিৰ স্থায়ী অধ্যক্ষ পদত নিযুক্তি পাবলৈ ৰাকেশ পাল শৰণাপন্ন হৈছিল গগৈৰ। যেতিয়াই তেওঁ লগ কৰিছিল, তেতিয়াই তৰুণ গগৈক প্ৰদান কৰিছিল উপহাৰ।
আনহাতে এই কেলেংকাৰীত মৃগেন শইকীয়াৰ ভাষ্যৰে সাঙোৰ খাই পৰিছে সাংসদ গৌৰৱ গগৈৰো নাম। অভিযোগ অনুসৰি, গৌৰৱ গগৈৰ বিয়াত ৰাকেশ পালে উপহাৰ হিচাপে দিছিল তিনি লাখ টকাৰ সোণৰ অলংকাৰ। লক্ষ্যণীয়ভাৱে এই সমগ্ৰ কেলেংকাৰীত নাম সাঙোৰ খাইছে প্ৰাক্তন কৃষক নেতা তথা বৰ্তমানৰ বিধায়ক অখিল গগৈ আৰু একালত অখিলৰ সতীৰ্থ আৰু বৰ্তমান বিজেপিৰ নেতা কমল কুমাৰ মেধিৰো নাম। বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনত উল্লেখ আছে যে অখিল গগৈক সাক্ষাৎ কৰিব বিচাৰিছিল ৰাকেশ পালে।
বিতৰ্কিত আৰটিআই কৰ্মী দুলাল বৰাক ২ লাখ টকা দিছিল ৰাকেশ পালে। প্ৰতিবেদন অনুসৰি, প্ৰাক্তন আৰক্ষী বিষয়া এ পি তিৱাৰীৰ সৈতে চুৰি গাড়ী ব্যৱহাৰ কৰা সন্দৰ্ভত দুলাল বৰাই ৰাকেশ পালৰ বিৰুদ্ধে তৰিছিল এক গোচৰ। সেই গোচৰ মিতমাত কৰিবলৈ আৰটিআই কৰ্মীজনক ২ লাখ টকা দিছিল ৰাকেশ পালে। আৰু ইয়াৰ পিছতে দুলাল বৰাই গোচৰ উঠাই লৈছিল বুলিও প্ৰতিবেদনত উল্লেখ কৰা হৈছে।
৩ লাখ পাইছিল কমল মেধিয়ে!
অন্যহাতে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰাক্তন নেতা কমল কুমাৰ মেধিকো ধন দিছিল ৰাকেশ পালে। একেটা গোচৰতে অভিযুক্ত আছিল এ পি তিৱাৰী। ৰাকেশ পালে কমল মেধিক দিছিল ৩ লাখ টকা। অখিল গগৈৰ সৈতে ৰাকেশ পালৰ বৈঠক হোৱাৰ কথা আছিল। কিন্তু অখিল গগৈয়ে সাক্ষাৎ নকৰিলে ৰাকেশ পালক। বৈঠকৰ বাবে অখিলে এটা দিন ধাৰ্য কৰিছিল। কিন্তু সেই বৈঠকত অখিল গগৈয়ে সাক্ষাৎ নকৰিলে ৰাকেশ পালক। তাৰ বিপৰীতে কমল মেধিৰে যোগাযোগ কৰাই দিয়ে ৰাকেশ পালক। তেতিয়াই ৰাকেশ পালে কমল মেধিক দিছিল ৩ লাখ টকা।
এই অভিযোগৰ পাছতেই অখিল গগৈয়ে কমল কুমাৰ মেধিক স্থিতি স্পষ্ট কৰাৰ আহ্বান জনাইছিল। মঙলবাৰে বিষয়টো সন্দৰ্ভত স্থিতি স্পষ্ট কৰি বৰ্তমানৰ বিজেপি নেতা কমল কুমাৰ মেধিয়ে উত্থাপিত অভিযোগে পোনছাটেই নস্যাৎ কৰে। এই সমগ্ৰ কাণ্ডক জনমানসত তেওঁৰ ভাবমূৰ্তি ম্লান কৰিবলৈ চলা ষড়যন্ত্ৰ বুলি অভিহিত কৰে মেধিয়ে। এক ভিডিঅ’ বাৰ্তাত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰাক্তন নেতা তথা বৰ্তমান ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ কমল কুমাৰ মেধিয়ে কয়, ‘এপিএছচি কেলেংকাৰী নামত মই টকা লোৱা ধৰণৰ ঘটনা মুঠেও ক’তো হোৱা নাই। শইকীয়া বোলা মানুহজন মোৰ ওচৰলৈ আহিছিল।’
অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদন অনুসৰি, এপিএছচিৰ জৰিয়তে চাকৰি পাবলৈ প্ৰতিটো পদৰ বাবে ১৫ৰ পৰা ৩০ লাখ টকাৰ দৰ লগোৱা হৈছিল। প্ৰতিযোগিতামূলক পৰীক্ষাবোৰ কাৰ্যতঃ ৰিগ কৰা হৈছিল। নিৰ্বাচিত প্ৰাৰ্থীৰ তালিকা আগতীয়াকৈ ঠিক কৰি দিয়া হৈছিল। আনকি লিখিত পৰীক্ষাৰ নম্বৰ সলনি কৰি কম নম্বৰ পোৱা সকলকো উত্তীৰ্ণ কৰোৱা হৈছিল।
আত্মীয়ক বক্ৰ পথেৰে চাকৰি দিও অভিযুক্তি নহয় বিজেপিৰ প্ৰাক্তন বিধায়ক!
লক্ষণীয়ভাৱে এই খিনিতে এপিএছচিৰ সৈতে পোহৰলৈ আহিছে বিজেপিৰ সংযোগ। অভিযোগ অনুসৰি, মঙলদৈৰ প্ৰাক্তন বিজেপি বিধায়ক গুৰুজ্যোতি দাসে ৯ জনকৈ আত্মীয়ক বক্ৰ পথেৰে এপিএছচি পৰীক্ষাত উত্তীৰ্ণ কৰোৱাই নিযুক্তি দিয়াইছিল। গুৰুজ্যোতিয়ে তেওঁৰ আত্মীয় লীনা দাস, নিৰ্মল দাস, ভাৰ্গৱমণি দাস, মনদ্বীপ দাস, ড০ দেৱাশীষ দাস, নৰেশ্বৰ দাস, কল্পনা দাস, থানুৰাম দাস আৰু দেৱেন্দ্ৰ দাসক বক্ৰ পথেৰে নিযুক্তি প্ৰদান কৰোৱাৰ অভিযোগ উত্থাপন হৈছে। কিন্তু লক্ষ্যণীয় কথাটো হ’ল ইয়াৰ পিছতো তদন্তৰ আওতালৈ অহা নাই বিজেপিৰ প্ৰাক্তন বিধায়কগৰাকী
মন কৰিবলগীয়া যে, বিপ্লৱ কুমাৰ শৰ্মাৰ প্ৰতিবেদনত পিএছঅ’ৰ পৰা উচ্চপদস্থ বিষয়ালৈকে বিভিন্নজনক অভিযুক্ত কৰা হৈছে যদিও অভিযুক্তৰ তালিকাত নাম নাই কোনো ৰাজনীতিকৰ৷ অসম লোকসেৱা আয়োগৰ প্ৰাক্তন অধ্যক্ষ ৰাকেশ পালৰ পৰা আৰম্ভ কৰি সদস্য চামেদুৰ ৰহমানৰ পিএছঅ’ক অভিযুক্ত কৰা হৈছে যদিও কোনো ৰাজনীতিকৰ নাম অভিযুক্ত ৰূপে অন্তৰ্ভুক্ত কৰা হোৱা নাই৷
উল্লেখ্য যে চৰকাৰক দাখিল কৰাৰ প্ৰায় ৩ বছৰ পিছত ৰাজহুৱা কৰা প্ৰতিবেদনখনত ২০১৩ চনৰ পৰা ২০১৫ চনলৈ অসম লোকসেৱা আয়োগৰ চাকৰি পোৱা সকলোকে চাকৰিৰ পৰা বৰ্খাস্ত কৰিবলৈ পৰামৰ্শ দিয়া হৈছে৷ প্ৰতিবেদনখনত এপিএছচিৰ অধ্যক্ষ ৰাকেশ পাল, সদস্য চামেদুৰ ৰহমান, বসন্ত কুমাৰ দলৈ, ৰঞ্জিত বৰঠাকুৰ, বিনিতা ৰিমজা, পৰীক্ষা নিয়ন্ত্ৰক নন্দ বাবু সিং, সহ পৰীক্ষা নিয়ন্ত্ৰক পৱিত্ৰ কৈৱৰ্ত, জ্যেষ্ঠ প্ৰশাসক আব্বাছ আহমেদ আলী, চৈয়দ মোশ্বাৰফ হুছেইন, পিএছঅ’ মামুদ আলী চৌধুৰী, ডিব্ৰুগড়ৰ নগৰ উন্নয়নৰ বিভাগৰ অভিযন্তা নৱ কুমাৰ পাটিৰ, ৰাজীৱ পাল, চন্দীপ পল, পশুপালন চিকিৎসা বিভাগৰ মৃগেন শইকীয়াক অভিযুক্ত কৰা হৈছে৷ কিন্তু সকলোতকৈ আঁচৰিত কৰি প্ৰতিবেদনত এজনো ৰাজনীতিকক অভিযুক্ত কৰা হোৱা নাই৷
প্ৰাক্তন বিধায়ক গুৰুজ্যোতি দাসে ৬০ লাখ টকা দি পৰিয়ালৰ তিনিজনকৈ লোকক চাকৰি দিয়া বুলি অভিযোগ অনা হৈছে যদিও অভিযুক্ত কৰা হোৱা নাই৷ গুৰুজ্যোতি দাসে খুলশালীসহ ৯ আত্মীয়ক বক্ৰপথেৰে চাকৰি দিছিল। আগতীয়াকৈ প্ৰশ্নকাকত দিয়া হৈছিল ভাৰ্গৱমণি দাসক। সহকাৰী পৰীক্ষা নিয়ন্ত্ৰক পৱিত্ৰ কৈৱৰ্তৰ ঘনিষ্ঠ প্ৰাক্তন বিধায়ক দাসৰ নাম ৰহস্যজনকভাৱে প্ৰতিবেদনত অভিযুক্ত কৰা হোৱা নাই৷ তেতিয়াৰ বিধায়িকা সুমিত্ৰা পাটিৰে পৰিয়ালৰ তিনিগৰাকী প্ৰাৰ্থীক বক্ৰপথেৰে চাকৰি দিছিল৷ সুমিত্ৰা পাটিৰৰ পুত্ৰ কাৰপুন পাটিৰসহ তিনিজনক চাকৰি দিয়াৰ অভিযোগ আছে৷
নাম আছে তৰুণ গগৈৰ, কিন্তু নাই হিমন্ত বিশ্ব শৰ্মাৰ!
একে সময়তে, তেতিয়াৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চাকৰি দিবলৈ ৰাকেশ পালক তালিকা দিয়া বুলি অভিযোগ উত্থাপন হৈছিল যদিও হিমন্ত বিশ্ব শৰ্মাৰ নাম প্ৰতিবেদনত কটোৱেই উল্লেখ নথকাত এই প্ৰতিবেদনৰ নিৰপেক্ষতাক লৈ প্ৰশ্ন উত্থাপন কৰিছে বিৰোধীয়ে৷ একেদৰে তেতিয়াৰ আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই কেইবাগৰাকী প্ৰাৰ্থীক চাকৰি দিয়া বুলি অভিযোগ উত্থাপন হৈছিল যদিও সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যকো অভিযুক্ত কৰা হোৱা নাই৷ ৰাকেশ পালৰ সৈতে বিশেষ ফটো ভাইৰেল হৈছিল ভট্টাচাৰ্যৰ৷ কিন্তু সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যক ২০১৩-১৪ চনত লোকসেৱা আয়োগত এপিএছ চাকৰি পোৱা জন দাস নামৰ এজন এপিএছৰ ঘনিষ্ঠ বুলি প্ৰতিবেদনত কোৱা হৈছে৷
ইফালে, গুৱাহাটীত এখন সংবাদমেল সম্বোধন কৰি ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে এই প্ৰতিবেদনখন আধৰুৱা বুলি অভিযোগ উত্থাপন কৰে৷ অখিল গগৈয়ে প্ৰতিবেদনত হিমন্ত বিশ্ব শৰ্মা, গুৰুজ্যোতি দাস, সুমিত্ৰা পাটিৰ, সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্যৰ নাম প্ৰতিবেদনত পোনপটীয়াকৈ উল্লেখ নথকাত প্ৰতিবেদনক লৈ সন্দেহ ব্যক্ত কৰে৷ অখিল গগৈয়ে কয় যে আদালতত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে সঠিক উত্তৰ দিব নোৱাৰাত ১৯গৰাকী অভিযুক্ত এচিএছ আৰু এপিএছে আদালতৰ দ্বাৰা পুনৰ চাকৰি লাভৰ পথ প্ৰশস্ত হোৱাত যেতিয়া ৰাজ্যজুৰি হৈ-হাল্লা হ’ল তেতিয়াহে প্ৰতিবেদন ৰাজহুৱা কৰিবলৈ বাধ্য হৈছে চৰকাৰ৷ তেওঁ কয় যে ২০২২ চনৰ ২১ মাৰ্চতে চৰকাৰৰ হাতত জমা দিয়া প্ৰতিবেদনখন ২০২৫ চনৰ ১৭ মাৰ্চত প্ৰকাশ কৰা হৈছে৷ কেলেংকাৰীক গাপ দিবলৈ ৩ বছৰে গাপ দিয়া হৈছিল প্ৰতিবেদন৷ কিয়নো এপিএছচি কেলেংকাৰীৰ এজন ডাঙৰ অভিযুক্ত ৰূপে হিমন্ত বিশ্ব শৰ্মাৰ নাম ওলাইছিল৷
চাঞ্চল্যকৰভাৱে এই প্ৰতিবেদনত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ নাম আছে যদিও এসময়ত তেওঁৰ সোঁহাত-বাওহাত স্বৰূপ হিমন্ত বিশ্ব শৰ্মাৰ নাম নাই। এনে পৰিপ্ৰেক্ষিতত বিকে শৰ্মাৰ প্ৰতিবেদন কিমান নিৰ্ভৰযোগ্য তাক লৈ প্ৰশ্ন কৰিছে বিৰোধীয়ে। বিধায়ক অখিল গগৈয়ে সেই একেই প্ৰশ্ন উত্থাপন কৰি কয় যে এই কেলেংকাৰী কেইবাগৰাকী বিষয়াই লগ লাগি কৰা কেলেংকাৰী নাছিল৷ সেয়া সম্ভৱ নহয়৷ ৰাজনৈতিক ভাৱে জড়িত শ্ৰেণীটোক ইয়াত দোষী সাব্যস্ত কৰা হোৱা নাই৷ তৰুণ গগৈক দোষী সাব্যস্ত কৰা হোৱা নাই৷ গোটেই কেলেংকাৰী ৰক্ষণা-বেক্ষণ দিয়া বুলি হিমন্ত বিশ্ব শৰ্মাৰ নাম উল্লেখ হৈছিল৷ প্ৰতিবেদনত হিমন্ত বিশ্ব শৰ্মাৰ নাম নাই৷ আছুৰ উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য এই কেলেংকাৰীক জড়িত বুলি অভিযোগ উঠিছিল৷ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ নাম নাই৷ প্ৰাক্তন বিধায়ক বিজেপিৰ গুৰুজ্যোতি দাসৰ নাম নাই৷ ৬০ লাখ টকা দিয়া বুলি দেখুওৱা হৈছে কিন্তু অভিযুক্ত কৰা হোৱা নাই৷ বিপ্লৱ কুমাৰ শৰ্মা প্ৰতিবেদন আধৰুৱা৷ কেৱল আমোলাক দোষী সাব্যস্ত কৰিছে৷ শৰ্মাই এটা কথা কৈছে যে এটা বিশ্বস্ত তদন্তকাৰী সংস্থাৰ দ্বাৰা তদন্ত কৰিব লাগে৷ চিবিআইৰ হাতত তদন্তৰ দায়িত্ব দিয়ক৷ সকলো জেৰা কৰিব পৰা ক্ষমতা দিব লাগে৷
অখিল গগৈয়ে তৰুণ গগৈক খলনায়ক আখ্যা দি ৰাকেশ পালক অধ্যক্ষ নিযুক্তি দিয়াটোৱে ভুল আছিল বুলি কয়৷ এপিএছচিৰ আচল খলনায়ক হিমন্ত বিশ্ব শৰ্মা বুলি দাবী কৰি অখিল গগৈয়ে কয় যে ৰাকেশ পালক ৰক্ষণা-বেক্ষণ দিয়া, ৰাকেশ পালৰ পৰা টকা লোৱা, ৰাকেশ পালৰ জৰিয়তে টকা লোৱা মেইন মানুহজন হৈছে হিমন্ত বিশ্ব শৰ্মা৷ এপিএছচি কেলেংকাৰীৰ আটাইতকৈ ডাঙৰ দুৰ্ধৰ্ষ অপৰাধী হৈছে হিমন্ত বিশ্ব শৰ্মা৷ গৌৰৱ গগৈৰ বিয়াত উপহাৰ দিয়া বুলি গৌৰৱ গগৈক দোষী কৰিব পাৰি নেকি৷
অখিল গগৈয়ে এপিএছচিৰ কেলেংকাৰীৰ বিৰুদ্ধে প্ৰতিবাদ কৰা একমাত্ৰ সংগঠন কৃষক মুক্তি আৰু ছাত্ৰ মুক্তি মুক্তি বুলি কৈ এই দুয়োটা সংগঠনৰ বাহিৰে পৃথিৱীৰ অন্য কোনো সংগঠনে এই দুৰ্নীতি পোহৰলৈ অনাৰ কৃতিত্ব দাবী কৰিব নোৱাৰে বুলি কয়৷ অখিল গগৈয়ে কয় যে গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থ জড়িত আৱেদন ৪৮/২০১৫ নং গোচৰ দি দুৰ্নীতিৰ তদন্ত বিচাৰিছিলো। সেই গোচৰৰ ভিত্তিতেই ২০১৩-২০১৪ বৰ্ষৰ পৰীক্ষা বহীসমূহ সংৰক্ষিত কৰিবলৈ নিৰ্দেশ দিছিল। পৰীক্ষা বহীসমূহ সংৰক্ষিত হৈ নথকাহেঁতেন আজি তদন্ত কৰিবই নোৱাৰিলেহেঁতেন৷ তেওঁৰ গোচৰৰ ভিত্তিত আদালতৰ নিৰ্দেশ অনুসৰি আয়োগ গঠন হোৱা বুলিও দাবী কৰে গগৈয়ে৷
অন্যহাতে, এপিএছচি কেলেংকাৰীৰ তদন্ত প্ৰতিবেদনক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কংগ্ৰেছৰো কেইবাগৰাকী নেতাই। বিশেষকৈ প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ নাম এই প্ৰতিবেদনত উল্লেখ কৰাক লৈ সৰৱ হৈছে কংগ্ৰেছ। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই স্পষ্টভাৱে এয়া হিমন্ত বিশ্ব শৰ্মাই ৰচা তৰুণ গগৈক কলুষিত কৰাৰ ষড়যন্ত্ৰ বুলি অভিহিত কৰে।
একে সময়তে ২০১৩-১৪ বৰ্ষত নিয়ম বৰ্হিভূতভাৱে যদি নিযুক্তি হৈছিল তাৰ উচিত তদন্ত হ’ব লাগে আৰু অনিয়ম সংঘটিত কৰা লোকসকলৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলিও মন্তব্য কৰে কংগ্ৰেছে। ভূপেন বৰাই কয় যে প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াই অসম লোকসেৱা আয়োগক কেতিয়াও ৰাজনীতিকৰণ কৰা নাছিল আৰু আয়োগক সম্পূৰ্ণ নিকা আৰু স্বচ্ছতাৰে কাম কৰাৰ সুযোগ আৰু সুবিধা প্ৰদান কৰিছিল। এই কথা সেই সময়ৰ আয়োগৰ লগত জড়িত সকলো বিষয়া-কৰ্মচাৰী আৰু অসম চৰকাৰৰ উচ্চপদস্থ আমোলাসকলে জানে।
লক্ষণীয় কথাটো হ’ল লোকসেৱা আয়োগৰ অধ্যক্ষৰ লগত অতি ঘনিষ্ঠ সম্পৰ্ক ৰক্ষা কৰিছিল বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সংবাদ মাধ্যমত এইবুলিও বাতৰি প্ৰকাশ হৈছিল যে বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সেই সময়ত প্ৰস্তুত কৰা প্ৰাৰ্থীৰ তালিকা লোকসেৱা আয়োগৰ অধ্যক্ষ ৰাকেশ পালৰ ফ্লেটত পোৱাৰ বাবে তদন্ত লেহেমীয়া হৈছিল। এইখন চৰকাৰে বৰ্তমানলৈকে ৰাকেশ পালৰ ভাতৃৰ সন্ধানেই উলিয়াব পৰা নাই। ৰাকেশ পালৰ ভাতৃৰ ছপাশালতেই এপিএছচিৰ প্ৰশ্নকাকত প্ৰস্তুত হোৱা বুলি অভিযোগ উঠিছিল।
স্বচ্ছ আৰু নিকা প্ৰশাসনৰ নামত বিজেপি চৰকাৰে কিমান দুৰ্নীতি কৰিছে সেই কথা কেগৰ পৃষ্ঠাই পৃষ্ঠাই লিপিৱদ্ধ হৈছে বুলি মন্তব্য কৰে কংগ্ৰেছে। দুৰ্নীতিৰ সদাগৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ৰক্ষণাবেক্ষণ দিবলৈ গৈ আজি বিজেপিৰ সভাপতিয়ে যি নিকা ভাৱমূৰ্তিৰ প্ৰমাণপত্ৰ দিছে সেয়া হাস্যকৰ বুলি মন্তব্য কৰে। উল্লেখ্য যে, এই প্ৰতিবেদনখন ৩ বছৰ ধৰি পেলাই থোৱা হৈছিল। এতিয়া নিৰ্বাচনলৈ এবছৰ বাকী থকা অৱস্থাত প্ৰতিবেদনখন ৰাজনৈতিকভাৱে ব্যৱহাৰ কৰিব খোজা হৈছে বুলি দাবী কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰাই।
পানীৰ দৰে টকা বোৱাইছিল ৰাকেশ পালে!
এপিএছচিত অসমৰ ইতিহাসতে সৰ্ববৃহৎ কেলেংকাৰী সংঘটিত কৰা দুৰ্নীতিৰ সদাগৰ ৰাকেশ পালে তেওঁৰ বিৰুদ্ধে উত্থাপিত অভিযোগ গাপ দিবলৈ সকলোকে মেনেজ কৰাৰ স্বাৰ্থত পানীৰ দৰে পইচা ঢালিছিল। এটা গোচৰৰ পৰা হাত সাৰিবলৈ ৰাকেশ পালে বিতৰ্কিত আৰটিআই কৰ্মী দুলাল বৰাকো দিছিল উৎকোচ। ৰাকেশ পালে দুলাল বৰাক দিছিল ২ লাখ টকা।
ৰাকেশ পালৰ বিৰুদ্ধে গোচৰ দিছিল আৰটিআই কৰ্মী দুলাল বৰাই। একেটা গোচৰতে অভিযুক্ত আছিল তদানীন্তন গুৱাহাটী আৰক্ষীৰ এছএছপি এ পি তিৱাৰী। এখন চুৰি দামী বিলাসী গাড়ী আৰক্ষীয়ে জব্দ কৰাৰ পিছতে গাড়ীখন ব্যৱহাৰ কৰি আছিল ৰাকেশ পাল আৰু এ পি তিৱাৰীয়ে। ৰাকেশ পালে চুৰি গাড়ীখনত বহিয়েই বহুবাৰ ভঙাগড়স্থিত সৎসংগ বিহাৰলৈও অহা যোৱা কৰিছিল। চুৰি বিলাসী গাড়ীখনৰ বহিয়েই ৰাকেশ পালে এপিএছচিৰ কাৰ্যালয়লৈও গৈছিল। একেখন গাড়ী ব্যক্তিগত কামত এ পি তিৱাৰীয়ে ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছিল।
এই চুৰি গাড়ীখন নিজৰ লগত ৰখাৰ বিৰুদ্ধে ৰাকেশ পাল আৰু এ পি তিৱাৰীৰ বিৰুদ্ধে থানাত এজাহাৰ দিছিল। এই গোচৰটোৰ পৰা মুক্তি পাবলৈ দুলাল বৰাক ২ লাখ দিছিল ৰাকেশ পালে। ৰাকেশ পালৰ পৰা টকা ২ লাখ টকা পোৱাৰ পিছতে ৰাকেশ পালৰ বিৰুদ্ধে গোচৰটো উঠাই লৈছিল। কিন্তু আৰক্ষী বিষয়া এ পি তিৱাৰীৰ বিৰুদ্ধে গোচৰটো প্ৰত্যাহাৰ কৰা নাছিল। বিপ্লৱ শৰ্মা তদন্ত আয়োগৰ সন্মুখত এই জবানবন্দী দিছে এপিএছচি কেলেংকাৰীত অভিযুক্ত মৃগেন শইকীয়াই।
উল্লেখ্য যে, এপিএছচি চাকৰি প্ৰাৰ্থী প্ৰতিগৰাকীৰ পৰাই ৰাকেশ পালে ধন দাবী কৰিছিল। চাকৰি দিয়াৰ উপৰিও পচন্দৰ পোষ্টত নিযুক্তি দিয়াৰ নামতো অতিৰিক্ত টকা লৈছিল ৰাকেশ পালে। তেনে এগৰাকী ভুক্তভোগী প্ৰাৰ্থী হৈছে সুকন্যা শৰ্মা। সুকন্যা শৰ্মাই বিত্ত বিভাগৰ সহকাৰী গৱেষকৰ পদবী বিচাৰি যোগাযোগ কৰিছিল ৰাকেশ পালক। ৰাকেশ পালৰ এজেণ্ট মৃগেন শইকীয়াক কথাটো কৈছিল সুকন্যা শৰ্মাই। মৃগেন শইকীয়াই সুকন্যা শৰ্মাৰ প্ৰস্তাৱ লৈ ৰাকেশ পালৰ ওচৰ চাপিছিল। ৰাকেশ পালে সুকন্যা শৰ্মাৰ পৰা দাবী কৰিছিল ৮ লাখ টকা। কিন্তু সুকন্যা শৰ্মাই ৮ লাখ টকা দিবলৈ সমৰ্থ নোহোৱাত বিচৰা মতে বিত্ত বিভাগৰ সহকাৰী পদ লাভ কৰা নাছিল।
ইফালে, এপিএছচি কেলেংকাৰীৰ তদন্ত প্ৰতিবেদন প্ৰকাশ হোৱাৰ পিছত ৰাজ্যৰ ৰাজনীতি তোলপাৰ লাগিছে। বুধবাৰে বিধানসভাৰ বাজেট অধিৱেশনৰ দ্বিতীয় দিনটোতো ইয়াকে লৈ সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। একে সময়তে অধিৱেশনৰ দ্বিতীয় দিনটোত প্ৰথমবাৰৰ বাবে শাসকীয় বিজেপিয়ে সংঘটিত কৰিলে এক নজিৰবিহীন ঘটনা।
শাসক পক্ষই এপিএছচি কেলেংকাৰীৰ সন্দৰ্ভত বিপ্লৱ কুমাৰ শৰ্মাৰ প্ৰতিবেদনৰ ওপৰত সভাস্থগিত প্ৰস্তাৱ আনি আলোচনাৰ দাবী তোলে সদনত। যাক লৈ সদনত এক হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হয়। বিৰোধী কংগ্ৰেছে ছিণ্ডিকেটৰ ওপৰত সভাস্থগিত প্ৰস্তাৱ আনি আলোচনা বিচাৰে।
বিধানসভাত অধ্যক্ষৰ আসনৰ সন্মুখলৈ উঠি গৈ সভাস্থগিত প্ৰস্তাৱত আলোচনা বিচাৰে বিজেপিয়ে। বিৰোধী কংগ্ৰেছেও নিজৰ দাবীত অধ্যক্ষৰ আসনৰ ওচৰলৈ গৈ দাবী জনায়। শাসক-বিৰোধীয়ে নিজ নিজ সভাস্থগিত প্ৰস্তাৱৰ দাবীত সদনত হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি কৰে।
বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে কয়, ‘‘আজি কেৱল ৰাজ্যপালৰ ভাষণৰ ওপৰত ধন্যবাদসূচক আলোচনাহে হ’ব৷ এতিয়া শূন্যকালীন ঘণ্টা। বাকী বিষয় আলোচনা নহয়। আজি সভাস্থগিত নহয়৷’’ এই সন্দৰ্ভত সুশান্ত বৰগোহাঁয়ে কয়, ‘‘বিপ্লৱ কুমাৰ শৰ্মাৰ প্ৰতিবেদনৰ ওপৰত আমি আলোচনা বিচাৰিছিলো৷ কংগ্ৰেছে বিৰোধিতা কৰিছে। কোন দোষী, কোন নিৰ্দোষী আলোচনা হওক৷ কংগ্ৰেছে বিচৰা নাই আলোচনা।’’ বিধায়ক মানৱ ডেকাই কয়, ‘‘এপিএছচি কেলেংকাৰীৰ খলনায়কসকল চিনাক্ত হ’ব লাগে৷ তাৰ বাবে আমি আলোচনা বিচাৰি সভা স্থগিত বিচাৰিছো।’’
শাসক-বিৰোধীৰ হুলস্থূলৰ বাবে সদন স্থগিত ৰাখিবলগীয়া হয় অধ্যক্ষই। পুনৰ সদন আৰম্ভ হোৱাত পুনৰ সভা স্থগিত প্ৰস্তাৱৰ দাবী তোলে শাসক-বিৰোধীয়ে। অধ্যক্ষই কয়, আপোনালোকে নিজ নিজ আসনলৈ গৈ কথা কওক৷ এনেকৈ কেনেদৰে চলিব সদন? এয়া আপোনালোকৰে সদন।
হুলস্থূলীয়া পৰিৱেশৰ বাবে তিনিবাৰকৈ সদন স্থগিত ৰাখিবলগীয়া হয় বুধবাৰৰ দিনটোত। প্ৰথমবাৰ ১০ মিনিট, দ্বিতীয়বাৰ ১০ মিনিট আৰু তৃতীয়বাৰ ২০ মিনিটৰ বাবে স্থগিত হয় সদন। সদনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উপস্থিত হৈ কয়, ‘‘সদনত দুটা বিষয়ত সদন স্থগিত কৰাৰ বিষয়ত অধ্যক্ষই আলোচনাৰ সুবিধা দিয়ক। আমাৰ আৰু বিৰোধীৰ দুয়োটা আলোচনা হওক৷ আমি কোৱা এপিএছচিৰ কেলেংকাৰী আৰু কংগ্ৰেছে কোৱা ছিণ্ডিকেটৰ বিষয়ত আলোচনা কৰক। অধ্যক্ষই যি সিদ্ধান্ত লয় লওক।’’