৭০ ৰ দশকৰ পৰাই বহু জনপ্ৰিয় গীত উপহাৰ দিছিল অসমবাসীক

গুৱাহাটী,৯ ফেব্ৰুৱাৰীঃ সত্তৰ দশকৰ পৰা অসমৰ সংগীত জগতত স্ককীয় সংগীত সাধনাৰে জিলিকি উঠা শিল্পীসকলৰ ভিতৰত অন্যতম অপূৰ্ব বেজবৰুৱাৰ আজি সন্ধিয়া ৬.৪৫ বজাত মহানগৰীৰ দিশপুৰ পলিক্লিনিকত দেহাৱসান ঘটে৷ মগজুৰ ৰক্তক্ষৰণ হোৱাত দুদিন পূৰ্বেই শিল্পীগৰাকীক দিশপুৰ পলিক্লিনিকত ভৰ্তি কৰোৱা হৈছিল৷ অপূৰ্ব বেজবৰুৱা এজন কবি, এজন গীতিকাৰ, সুৰকাৰ, সংগীত পৰিচালক হিচাপে অভূতপূৰ্ব জনপ্ৰিয়তা অৰ্জন লাভ কৰিছিল৷ অপূৰ্ব বেজবৰুৱাৰ জন্ম হৈছিল ১৯৫১চনৰ ১৫ অক্টোবৰত। বহু মননশীল আৰু চিৰসেউজ গীতত কন্ঠ নিগৰোৱা অপূৰ্ব বেজবৰুৱাৰ শিৱসাগৰ জিলাৰ নাজিৰাত জন্ম হৈছিল। তেওঁৰ পিতৃৰ নাম আছিল নিৰ বেজবৰুৱা। মাতৃৰ নাম প্ৰতিভা দেৱী। এগৰাকী চাহ খেতিয়কৰ সন্তান আছিল অপূৰ্ব বেজবৰুৱা। তেওঁৰ পিতৃ এগৰাকী সুঅভিনেতা আছিল। মাতৃ আছিল এগৰাকী কবি আৰু সুগায়িকা। বৰগীতৰ লগতে আন সংগীতৰো চৰ্চা কৰিছিল তেওঁ। নাজিৰাৰ বৰপুখুৰী এল পি স্কুল আৰু নাজিৰা উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়ত শিক্ষাগ্ৰহণ কৰি অপূৰ্ব বেজবৰুৱা গুচি আহিছিল গুৱাহাটীলৈ। ১৯৬৯-৭০ চনত বি বৰুৱা মহাবিদ্যালয়ত নামভৰ্তি কৰি স্নাতক ডিগ্ৰী গ্ৰহণ কৰিছিল। বুৰঞ্জীক সন্মানীয় বিষয় হিচাপে লৈ বি. এ. পাছ কৰাৰ পাছত জে বি ল’ কলেজত আইন পাঠ্যক্ৰমত নামভৰ্তি কৰিছিল বেজবৰুৱাই। তেওঁ পৰৱৰ্তী সময়ত ১৯৭৮চনত ভাৰতীয় খাদ্য নিগমৰ বিষয়া হিচাপে যোগদান কৰে। অপূৰ্ব বেজবৰুৱাই সংগীতৰ ক্ষেত্ৰখনত এক নিজস্ব পৰিচয় দাঙি ধৰিছিল। ১৯৭৪-৭৬লৈ গুৱাহাটী অনাতাৰ কেন্দ্ৰৰ অস্থায়ী ঘোষক হিচাপে কাম কৰিছিল। ডিব্ৰুগড় অনাতাৰ কেন্দ্ৰৰ তেওঁ গীতিকাৰ, সুৰকাৰ আৰু কন্ঠশিল্পী হিচাপে স্বীকৃতি লাভ কৰিছিল। কলেজীয়া জীৱনতে তেওঁ লিখিছিল যথেষ্ট কবিতা। ১৯৭১-৭২ বৰ্ষত বি বৰুৱা মহাবিদ্যালয়ৰ তেওঁ আছিল শ্ৰেষ্ঠ সংগীত শিল্পী। অপূৰ্ব বেজবৰুৱাই আছিল প্রথমগৰাকী শিল্পী, যি অসমৰ থলুৱা বহু গীত বাদ্য প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত (বিশেষকৈ চাহ জনগোষ্ঠীৰ) ভূমিকা লৈছিল। কপৌ পাঁহি তোৰে খোপাত, নাচনী অ’, নিবিচাৰো আজি কাকো, চাহ গছৰ কোমল পাতত,চিল-মিল টোপনিতে,মাইজান তোকে দেখা পাই আদি তেওঁৰ অপূৰ্ব সৃষ্টি। প্রথমখন আধুনিক বিহু সুৰীয়া এলবাম অপূৰ্ব বেজবৰুৱাৰ পৃষ্ঠপোষকতাতেই ৰেকৰ্ডিং কৰা হৈছিল। নাম আছিল- ‘বহু মানুহৰ সৈতে চিনাকি হ’লো’। ২০০ৰো অধিক অডিঅ’ কেছেটত কন্ঠদান কৰিছে অপূৰ্ব বেজবৰুৱাই। সেইবোৰৰ ভিতৰত প্ৰহৰী, চম্পাৱতী, শিল্পী, মাদলী, মাইচানা, চাহ ফুল , মোৰে চেনাই ঐ, মন নাচে ব’হাগত, মন হীৰা দৈ, ৰূপহী, ৰূপে মোহনীয়া, ৰাংঢালি, মাকণ ঐ, মৌপিয়া, মৰমকৃষ্ণা, চঞ্চলা, কপৌ পাঁহি তোৰে খোপাত, কাষত গাগৰী নৈ, মায়াবিনী, মৰীচিকা আদি অন্যতম। অপূৰ্ব বেজবৰুৱাই কেৱল কন্ঠশিল্পী হিচাপেই নহয় তেওঁ লিখিছে ২ হাজাৰৰো অধিক গীত। বেজবৰুৱাৰ কেইটামান উল্লেখযোগ্য গীত হ’ল চিলমিল টোপনীতে, মহুৱা ফুলৰ গোন্ধ, কপৌ ফুলৰ বতৰত, মন সাগৰৰ ঢৌ, গীতৰ সুৰভী আদি। ইয়াৰ উপৰিও অপূৰ্ব বেজবৰুৱাৰ জনপ্ৰিয় গীত নামৰ পুথিখনো পাঠকৰ মাজত যথেষ্ট চৰ্চিত হৈছিল। ভূপেন হাজৰিকাৰ পৰা আৰম্ভ কৰি বহু নৱপ্ৰজন্মৰ কন্ঠশিল্পীয়ে অপূৰ্ব বেজবৰুৱাই লিখা গীতত কন্ঠদান কৰিছিল। তেওঁ আছিল অনুভূতিৰে ভৰা এজন সফল কন্ঠশিল্পী, গীতিকাৰ। বিহু আৰু বন গীতৰ আধাৰত তেওঁ সৃষ্টি কৰা আধুনিক গীতবোৰে সদায় শ্ৰোতাক আপ্লুত কৰি আহিছে। ড০ ভূপেন হাজৰিকাৰ কন্ঠত নানা ৰহণীয়া, বাৰেবৰণীয়া, কোন ক’ত আছ’, আহ ঐ আহ, ৰিদীপ দত্তই গোৱা মাইজান তোকে দেখা পাই গীতৰ গীতিকাৰ আছিল অপূৰ্ব বেজবৰুৱা। একেদৰে সন্ধ্যা মেননৰ বিখ্যাত গীত তোৰে মন পাবলৈ চেনাই মই বলিয়া, চিলমিল টোপনীতে, শিৱচৰণ দাসৰ কন্ঠত চাহ গছৰ আঁৰত লুকাই, অনিমা চৌধুৰীৰ কন্ঠত লগ দিয়া কথা আছিল নৈৰে ঘাটত, অ’ তৰা মাই বিহুৱান মোলৈ বৈছ’ নে নাই, চেনাই তোৰ পেঁপাৰে মাত, আশা ভৌছলেৰ কন্ঠত জুই জুই একোঁৰা জুই, কবিতা কৃষ্ণমূৰ্তিৰ কন্ঠত অ মোৰ কলিজা, উদিত নাৰায়ণৰ কন্ঠত এই কিনো হৈ যায়, হেমা সৰদেসাইৰ কন্ঠত বুকুত জ্বলিছে আদি জনপ্ৰিয় গীতবোৰৰ স্ৰষ্টা আছিল অপূৰ্ব বেজবৰুৱা। তেওঁ নিজেও নিজৰ বহু কেইটা জনপ্ৰিয় গীতত কন্ঠদান কৰিছে। এটা নিজস্ব ধাৰাৰে বেজবুৰৱাই অসমৰ সংগীত ক্ষেত্ৰখনক চহকী কৰিছিল। বহুকেইখন চলচ্চিত্ৰৰ বাবে বেজবৰুৱাই গীত ৰচনা কৰিছিল। তাৰ ভিতৰত ৰঙা নদী, বুকুৰ মাজত জ্বলে, আই কিল হিম ছাৰ, অভিসপ্ত প্ৰেম, সোঁণৰ খাৰু নালাগে আদি অন্যতম। টেলিফিল্মৰ বহু সংগীত পৰিচালনাৰ দায়িত্ব লৈছিল অপূৰ্ব বেজবৰুৱাই। অগ্নিদেৱৰ ফিৰিঙতি, প্ৰজাপতিয়ে নমঃ, কুঁৱলীৰ উৰণী গুচাই, প্ৰতিশ্ৰুতি, জীৱন যাত্ৰা আদি অন্যতম। চাহ জনগোষ্ঠীসকলৰ সংগীতৰ উপৰত ভিত্তি কৰি চাহ বাগিচাৰ সেউজীয়া পথৰ কোমল পৰশ থকা গীত ভূপেন হাজৰিকাৰ পাছত অপূৰ্ব বেজবৰুৱাই ৰচনা কৰিছিল।