ডিজিটেল ডেস্কঃ যি ঠাইত চৰকাৰে উপস্থিত হ’বগৈ নোৱাৰে, সেই ঠাইত সেনাই শিক্ষা, স্বাস্থ্যৰ ক্ষেত্ৰত প্ৰয়োজনীয় সা-সুবিধা সমূহ প্ৰদান কৰে৷ এই মন্তব্য কৰিছে দেশৰ সেনা প্ৰধান জেনেৰেল বিপিন ৰাৱাটে৷ 

শুকুৰবাৰে ‘ৰাষ্ট্ৰ নিৰ্মাণত স-শস্ত্ৰ সেনাৰ সহযোগ’ শীৰ্ষক বিষয়ৰ ওপৰত অনুষ্ঠিত এক আলোচনা চক্ৰত ভাগ লৈ সেনা প্ৰধান গৰাকীয়ে এই মন্তব্য আগবঢ়াই৷ তেওঁ লগতে কয়, দেশৰ বিভিন্ন প্ৰান্তত যিবোৰ দুৰ্গম এলেকা আছে, সেই অঞ্চল বিলাকলৈ গৈ চৰকাৰে যিকোনো সা-সুবিধা প্ৰদান কৰা দেখা নাযায়৷

দূৰৱৰ্তী অঞ্চল বিলাকত চৰকাৰে প্ৰয়োজনীয় সা-সুবিধাসমূহ পূৰণ নকৰিলেও তাত বসবাস কৰা মানুহৰ শিক্ষা,স্বাস্থ্য আদিৰ মৌলিক প্ৰয়োজন সমূহৰ সেৱা প্ৰদান কৰি আহিছে দেশৰ প্ৰতিৰক্ষা বিভাগে৷ এই দুৰ্গম এলেকা সমূহৰ মানুহে সেনাৰ ওপৰতেই অত্যধিক নিৰ্ভৰশীল হোৱা দেখা যায়৷

ইয়াৰোপৰি সেনাপ্ৰধান গৰাকীয়ে কয়, দেশৰ দুৰ্গম অঞ্চল বিলাকত আমাৰ সৈনিক য’তেই থাকে তাৰ পৰাই প্ৰয়োজনীয় বস্তু সংগ্ৰহৰ বাবে স্থানীয় লোক উপস্থিত হয়গৈ৷ সেনাসকলেও হিচাপ অনুসৰি সেই অঞ্চল সমূহৰ লোকক প্ৰয়োজনীয় সামগ্ৰী বিতৰণ কৰি দিয়ে৷ আমি যিবোৰ সমস্যাকলৈ মানুহক সহায় কৰোঁ, সেই সমস্যাবোৰৰ ওপৰত সদায় চকু দি আহিছোঁ বুলিও মন্তব্য কৰে বিপিন ৰাৱাটে৷

আলোচনা চক্ৰত ভাগ লৈ সেনাপ্ৰধান গৰাকীয়ে লগতে কয়, আমি সকলো সেনাই কৰ দি আহিছোঁ৷ কিন্তু আমি পাৰিতোষিক লাভ কৰাৰ আগতেই এই কৰ কৰ্তন কৰি লয়৷ যি কৰ পিছত ৰাজকোষত জমা হয় বুলি দেশৰ সেনাপ্ৰধান গৰাকীয়ে মন্তব্য প্ৰকাশ কৰে৷