কামৰূপত ৫০, মৰিগাঁৱত ২৭, হোজাইত ২৬, ধুবুৰীত ২০, নগাঁৱত ১৬টাক আটক

ডিজিটেল ডেস্ক,২১ চেপ্টেম্বৰঃ হঠাৎ সাৰ পালে অসম আৰক্ষীয়ে।মাজনিশা আৰম্ভ হ’ল মাটিৰ দালালৰ বিৰুদ্ধে মহাঅভিযান৷কিছুদিন পূৰ্বেই ৰাজ্যৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যলয়সমূহৰ পৰা মাটিৰ দালালসকলক গামোচা পিন্ধাই বিদায় দিবলৈ নিৰ্দেশ দিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্যত দালালৰাজ শেষ কৰিবলৈ মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশৰ পিছতো অব্যাহত আছিল দালালৰ দপদপনি। যাৰ পৰিণতিত সোমবাৰে নিশা ৰাজ্যজুৰি আৰক্ষী আৰু ক্ৰাইম ব্ৰাঞ্চে দালালৰ বিৰুদ্ধে চলালে অভিযান।

২০ চেপ্টেম্বৰৰ মাজনিশা কেইবাখনো জিলাত আকস্মিকভাৱে অভিযান চলাই আৰক্ষীয়ে এই পৰ্যন্ত গ্ৰেপ্তাৰ কৰিছে মুঠ ৪৫৩টা দালাল। এই দালালসকলৰ ভিতৰত আছে কেইবাজনো ৰাজনৈতিক নেতা তথা বহু ৰাজনৈতিক নেতাৰ ঘনিষ্ঠ লোক। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইট কৰি অসম আৰক্ষীৰ এই বৃহৎ অভিযানৰ বাবে ধন্যবাদ জনায় আৰু পুনৰ দালালসকলক সকীয়াই দিয়ে।
উল্লেখ্য যে গুৱাহাটী, কামৰূপ, নগাঁও, ধুবুৰী, হোজাই, ডিব্ৰুগড়, বঙাইগাঁও, যোৰহাট, হাজো, চামগুৰি, ৰূপহীহাট, গৌৰীপুৰ আদিকে ধৰি ৰাজ্যৰ বিভিন্ন স্থানত মাজনিশা দালালৰ বিৰুদ্ধে অভিযান চলাইছিল আৰক্ষীয়ে।

এই অভিযান কালত কামৰূপ জিলাৰ পৰা ৫০জন মাটিৰ দালালক আটক কৰিছে কামৰূপ আৰক্ষীয়ে । উত্তৰ গুৱাহাটী, ছয়গাঁও, পলাশবাৰী, চাংসাৰী, বাইহাটা, হাজো, বকো, গৌৰীপুৰ থানাত ৰখা‌ হৈছে আটকাধীন মাটিৰ দালাল‌ কেইটাক। কামৰূপ জিলাত ৬০০ৰো অধিক দালালৰ তালিকা প্ৰস্তুত কৰি অভিযান আৰম্ভ কৰিছে কামৰূপ আৰক্ষীয়ে । হাজোত মাটিৰ দালালীৰ অভিযোগত ৩ জন স্থানীয় বিজেপি নেতাও জালত পৰিছে। হাজোত মুঠ ৯টা মাটিৰ দালালক আটক কৰা হৈছে আৰু ভিতৰত শংকৰ দাস (দুখু, জিয়াউল হক আৰু মনচুব আলী বিজেপিৰ কৰ্মী বুলি জানিব পৰা গৈছে। জালত পৰা আন দালাল কেইটা হৈছে দিলীপ দাস, দেৱজিৎ দাস, তৰণি দাস, নিৰঞ্জন পাটোৱাৰী, নাছিৰ শইকীয়া, আইনাল হক।

গুৱাহাটীতো নিশা দালাৰৰ বিৰুদ্ধে ক্ৰাইম ব্ৰাঞ্চ, হাতীগাঁও আৰক্ষী আৰু দিশপুৰ আৰক্ষীয়ে অভিযান চলায়। ক্ৰাইম ব্ৰাঞ্চত ৰুজু হোৱা ১১/২১ গোচৰৰ ভিত্তিত ভেটাপাৰাৰ চন্দ্ৰ চৌধুৰী পথৰ শ্ৰীমন্ত চৌধুৰী নামৰ দালাল জনৰ গৃহ নং ১১ত চলায় অভিযান। এই অভিযানকালত জব্দ কৰা হয় শতাধিক মাটিৰ ফাইল। অভিযান চলোৱা সময়ত দালাল শ্ৰীমন্ত চৌধুৰী বহি ৰাজ্যত থকা বুলি জানিব পৰা গৈছে।

হোজাই জিলাত জালত পৰিছে ২৬টা দালাল । হোজাই থানাত ৯টা,ডবকা থানাত ৪টা, লংকা থানাত ৪টা, যমুনামুখ থানাত ৪টা আৰু মোৰাঝাৰ থানা এলেকাত ৫টা দালাক নিশাই আটক কৰা হৈছে। আটাকাধীন দালাল কেইটাৰ ভিতৰত আছে মাটিৰ দালালীৰ লগতে আৰক্ষীৰ নামত দালালী কৰা দালাল আছে।

আনহাতে নগাঁও জিলাত বৰ্তমানলৈকে ১৬টা দালালক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। ৰূপহী ৰাজহ চক্ৰৰ ৰাণা বৰা নামৰ এজন কৰ্মচাৰীৰ লগতে নজৰুল ইছলাম আৰু ৰঞ্জিত ভুঞা নামৰ দুজন চৰকাৰী গাঁওবুঢ়াও আছে ধৃতসকলৰ মাজত। নগাঁও সদৰ ৰাজহ চক্ৰত দালালিৰ অভিযোগত ৰমজান নুৰ আৰু অজয় সাহাকো গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। ধৃত দালালৰ ঘৰৰ পৰা বৃহৎ পৰিমাণৰ দলিল আৰু আপত্তিজনক কাগজ-পত্ৰ জব্দ কৰিছে আৰক্ষীযে ।
চামগুৰি খাটোৱালৰ কুখ্যাত মাটি দালাল আব্দুল মালেকক নিশা ১২বজাত আটক। মালেকৰ হাতৰ পৰা উদ্ধাৰ গাঁওবুঢ়াৰ প্ৰমাণপত্ৰৰ লগতে বিভিন্ন চৰকাৰী বিষয়াৰ ছীল।

ইপিনে বঙাইগাঁৱত ৰাজহ চক্ৰ কাৰ্যালয়ৰ দলালৰ বিৰুদ্ধে অভিযান চলাই জিলাখনত আৰক্ষীয়ে আটক কৰিছে ১৪টা দালাল । গ্ৰেপ্তাৰ কৰা ১৪টাৰ ভিতৰত মাণিকপুৰত ৬, অভয়াপুৰীত ৩, বইটামৰীত ২ আৰু বঙাইগাঁৱৰ ৩টা দালাল আছে।

মূখ্যমন্ত্ৰীয়ে স্পষ্ট কৰি দিছে যে এই অভিযান দীঘলীয়া হব আৰু চৰকাৰী বিষয়াসকলো তদন্তৰ আওতাত আহিব৷কিন্তু শাসকীয় দলত যোগদান কৰি ৰাতিটোৰ ভিতৰতে বাল্মিকী হৈ পৰা একাংশ দালালৰ বিৰুদ্ধে এতিয়ালৈ কোনো ব্যৱস্থা নোলোৱা কাৰ্যই সাধাৰণ ৰাইজক এই অভিযানৰ বিষয়ে সন্দিহান কৰি তুলিছে৷অৱশ্যে এই অভিযান এতিয়াও সমাপ্ত হোৱা নাই৷পৰৱৰ্তী সময়ত আৰক্ষী আৰু চৰকাৰৰ ভুমিকা হব লক্ষণীয়৷