ডনাল্ড ট্ৰাম্পৰ শেহতীয়া শৰণাৰ্থী সম্পৰ্কীয় পদক্ষেপে চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ বিশ্বতে৷ ফেচবুকৰ চি ই অ' মাৰ্ক জুকাৰবাৰ্গেও ট্ৰাম্পৰ এই সিদ্ধান্তক সমালোচনা কৰে৷ " এইটো আমাৰ বাবে গৌৰৱৰ কথা যে আমেৰিকা সদায় এখন শৰণাৰ্থিৰ ৰাষ্ট্ৰ ৷ আমি সদায় আমাৰ দেশখনক সুৰক্ষিত কৰাত গুৰুত্ব দিব লাগে কিন্তু সেইটো কৰিবলৈ আমি বিপ্দজনক লোকসকলৰ ওপৰত ধ্যান দিয়াটো প্ৰয়োজনীয়"৷ জুকাৰবাৰ্গে কয় যে আমি সদায় আৰ্ত শৰণাৰ্থী সকলৰ বাবে আমেৰিকাৰ দুৱাৰখন খুলি থোৱাতো প্ৰয়োজনীয়৷  শান্তিৰ নোবেলজয়ী মালালায়ো এই সন্দৰ্ভত আচাৰ্য্য প্ৰকাশ কৰে৷ মালালাই কয়ে এই সিদ্ধান্ত যুদ্ধপিড়ী ত মহিলা আৰু শিশুসকলৰ বাবে দুখজনক পদক্ষেপ।