newsnextone.com | ডিজিটেল ডেস্কঃ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজিৰৱালে তেওঁৰ মন্ত্ৰী সভাৰ কেইগৰাকীমান মন্ত্ৰীৰ সৈতে বিগত ৫ দিন ধৰি উপ-ৰাজ্যপালৰ আৱাসত ধৰ্ণা দি আছে৷ তেওঁলোকৰ ধৰ্ণাৰ দাবীক লৈ বৃহস্পতিবাৰে উপ-ৰাজ্যপাল অনিল বৈজলে কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিঙকো সাক্ষাত কৰে৷ কিন্তু এই ঘটনা সহজে অন্ত পৰাৰ যেন নামেই লোৱা নাই৷ কেজিৰৱালে শুকুৰবাৰে এটা টুইট কৰি দিল্লীৰ জনতাক এটা বাৰ্তা দিয়ে৷ তেওঁ কয় যে, আমি সকলো দিল্লীবাসীয়ে আমাৰ অধিকাৰ আৰু সন্মানৰ বাবে সংঘৰ্ষ কৰিব লাগিব৷
ইয়াৰ পূৰ্বে কেজিৰৱালে আন এটা টুইট কৰি সমগ্ৰ ঘটনাটোত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ হস্তক্ষেপ কামনা কৰিছে৷ তেওঁ টুইটত লিখিছে, ‘আজি সত্যেন্দ্ৰ জৈনৰ অনশনৰ চতুৰ্থ দিন৷ মনীষ চিচৌদিয়াৰ অনশনৰ আজি তৃতীয় দিন৷ বৃহস্পতিবাৰে আমি উপ-ৰাজ্যপালৰ পৰা সাক্ষাতৰ বাবে সময় বিছাৰিছিলো৷ কিন্তু তেওঁ একো উত্তৰ নিদিলে৷ যাৰ বাবে প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ হস্তক্ষেপ বিছাৰিছিলো৷ কিন্তু তেৱো কোনো উত্তৰ নিদিলে৷ আশা কৰোঁ দিল্লীয়ে অতি সোনকালেই সমাধান লাভ কৰিবলৈ সক্ষম হ’ব৷’