Home ৰাজনীতিপঞ্চম দিনাও অব্যাহত দিল্লী চৰকাৰ ধৰ্ণা, গুৰুত্ব দিয়া নাই গভৰ্ণৰ-প্ৰধানমন্ত্ৰীয়ে

পঞ্চম দিনাও অব্যাহত দিল্লী চৰকাৰ ধৰ্ণা, গুৰুত্ব দিয়া নাই গভৰ্ণৰ-প্ৰধানমন্ত্ৰীয়ে

by News Desk
55 views
A+A-
Reset

newsnextone.com | ডিজিটেল ডেস্কঃ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজিৰৱালে তেওঁৰ মন্ত্ৰী সভাৰ কেইগৰাকীমান মন্ত্ৰীৰ সৈতে বিগত ৫ দিন ধৰি উপ-ৰাজ্যপালৰ আৱাসত ধৰ্ণা দি আছে৷ তেওঁলোকৰ ধৰ্ণাৰ দাবীক লৈ বৃহস্পতিবাৰে উপ-ৰাজ্যপাল অনিল বৈজলে কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিঙকো সাক্ষাত কৰে৷ কিন্তু এই ঘটনা সহজে অন্ত পৰাৰ যেন নামেই লোৱা নাই৷ কেজিৰৱালে শুকুৰবাৰে এটা টুইট কৰি দিল্লীৰ জনতাক এটা বাৰ্তা দিয়ে৷ তেওঁ কয় যে, আমি সকলো দিল্লীবাসীয়ে আমাৰ অধিকাৰ আৰু সন্মানৰ বাবে সংঘৰ্ষ কৰিব লাগিব৷

ইয়াৰ পূৰ্বে কেজিৰৱালে আন এটা টুইট কৰি সমগ্ৰ ঘটনাটোত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ হস্তক্ষেপ কামনা কৰিছে৷ তেওঁ টুইটত লিখিছে, ‘আজি সত্যেন্দ্ৰ জৈনৰ অনশনৰ চতুৰ্থ দিন৷ মনীষ চিচৌদিয়াৰ অনশনৰ আজি তৃতীয় দিন৷ বৃহস্পতিবাৰে আমি উপ-ৰাজ্যপালৰ পৰা সাক্ষাতৰ বাবে সময় বিছাৰিছিলো৷ কিন্তু তেওঁ একো উত্তৰ নিদিলে৷ যাৰ বাবে প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ হস্তক্ষেপ বিছাৰিছিলো৷ কিন্তু তেৱো কোনো উত্তৰ নিদিলে৷ আশা কৰোঁ দিল্লীয়ে অতি সোনকালেই সমাধান লাভ কৰিবলৈ সক্ষম হ’ব৷’

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0