newsnextone.com | ডিজিটেল ডেস্কঃ ৮ দিনত ভৰি দিলে দিল্লী চৰকাৰৰ অনশনে। ইয়াৰ মাজতে দিল্লীৰ উপ-ৰাজ্যপালৰ কাৰ্যালয়ত দিল্লীৰ মুখ্যমন্ত্ৰী, উপ-মুখ্যমন্ত্ৰী আৰু স্বাস্থ্য মন্ত্ৰীৰ আমৰণ অনশনক অসাংবিধানিক অখ্যা দিয়ে উচ্চ ন্যায়ালয়ে। দিল্লী উচ্চ ন্যায়ালয়ে কয় ‘‘আমি বুজি পোৱা নাই ধৰ্ণা, অনশনৰ বাবে অনুমতি কোনে দিলে৷ কিয়নো উপ-ৰাজ্যপালৰ আবাসত বহাটো বৈধ নে৷ এই সমস্যাৰ সমাধান খুব প্ৰয়োজনীয়৷’’
কাৰোবাৰ ঘৰত সোমাই জোৰকৈ প্ৰতিবাদ কৰিব নোৱাৰি কিয়নো প্ৰতিবাদ কৰা ঠাই উপ-ৰাজ্যপালৰ কাৰ্যালয়ৰ সৈতে সংলগ্ন বলিও কয় ন্যায়ালয়ে৷ দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শিলা দিক্ষীতে যদি সংবিধানৰ বাধ্যবাধকতা বুজি নাপায় তেন্তে অৰবিন্দ কেজৰিৱালক ন্যায়ালয়ে কেনকৈ সহায় কৰিব বুলি প্ৰশ্ন উত্থাপন কৰিছিল৷