ডিজিটেল ডেস্কঃ ৰাম মন্দিৰ নিৰ্মাণকলৈ পুনৰ উত্তাল হৈ পৰিছে দেশৰ ৰাজনীতি৷ সকলোৱে ৰাম মন্দিৰ-বাবৰি মছজিদক লৈ ৰাজনীতি কৰিবলৈ আৰম্ভ কৰা বুলি ব্যাপক চৰ্চা আৰম্ভ হোৱাৰ সময়তে বাবৰি মছজিদকলৈ কেন্দ্ৰ কৰি পুনৰ মন্তব্য আগবঢ়াইছে আচাদুদ্দিন অৱেচিয়ে৷

অযোধ্যক কেন্দ্ৰ কৰি অল ইণ্ডিয়া মুছলিম পাৰ্চনেল ল’ বোৰ্ডে নিয়ম সলনি নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। শনিবাৰে অল ইণ্ডিয়া মুছলিম পাৰ্চনেল ল' বোৰ্ডৰ ২৬তম বাৰ্ষিক অধিৱেশনত অনুষ্ঠিত হয়৷ অধিৱেশনত অংশ লৈ হায়দৰাবাদৰ বিতৰ্কিত সাংসদ আচাদুদ্দিন অৱেচিয়ে এবাৰ বাবৰি মছজিদ হোৱাৰ পিছত ই অনন্তকাললৈ থাকিব বুলি কয়। বাবৰি মছজিদ আৰু ভূমিকলৈ আপোচ কৰা নহব বুলি কৈ আপোচ কৰা সকল আল্লাৰ ওচৰত উত্তৰ দিব লাগিব বুলি কয় অৱেচিয়ে।