লালুকঃ মালয়েছিয়াৰ কুৱালালামপুৰত বিশ্ব কাৰাটে সংস্থাৰ উদ্যোগত অনুষ্ঠিত হ’বলগা আন্তঃৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতালৈ বিহপুৰীয়াৰ দুগৰাকী প্ৰতিভাবান খেলুৱৈ নিৰ্বাচিত হৈছে৷ বিহপুৰীয়াৰ কাৱৈমাৰী গাঁৱৰ প্ৰেম বৰা আৰু লক্ষীমা বৰাৰ কন্যা পূজাৰাণী বৰাই উক্ত প্ৰতিযোগিতাখনত অংশ গ্ৰহণ কৰিবৰ বাবে ইতিমধ্যে ঘৰতে অনুশীলনত ব্যস্ত হৈ পৰিছে৷

উল্লেখ্য যে ৰাজ্যৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত হোৱা কাৰাটে প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰি বিহপুৰীয়ালৈ গৌৰৱ কঢ়িয়াই অনা পূজাই বিগত সময়ত লাভ কৰা সাফল্যসমূহ এনেধৰণৰঃ

  1. XXVth All Assam Inter District Karate Champiinship-ত প্ৰথম স্থান
  2. United Karate Associon Assam-ত প্ৰথম স্থান 
  3. 10th All INDIA Indendence Karate -Do Championship 2014-ত দ্বিতীয় স্থান
  4. International Shotokai Cop Karate -Do Championship 2015-ত প্ৰথম স্থান 
  5. XXVII Assam State Championship 2015-ত তৃতীয় স্থান 
  6. 5th Youth & 7th U 21 Year State Championship 2016-ত প্ৰথম স্থান
  7. KAI (Karate Assocition of India) 2015-ত দ্বিতীয় স্থান 
  8. International Karate -Do Championship 2016 প্ৰথম স্থান
  9. 2nd Assam State Open Karate Do Champiinship 2017-ত প্ৰথম স্থান
  10. 28th AIKF Championship-ত দ্বিতীয় স্থান

 

তদুপৰি বহুকেইটা ৰাজ্যিক আৰু জিলা ভিত্তিক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ লগতে সেই প্ৰতিযোগিতাসমূহত স্থান দখল কৰিছে পূজাই৷

সম্প্ৰতি পূজাই কুৱালালামপুৰত অনুষ্ঠিত হ’ব লগা প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিবৰ বাবে আৰ্থিক সংকটৰ সন্মুখীন হৈছে৷ ইতিমধ্যে বিহপুৰীয়াৰ দুই এক সদাশয় লোকে প্ৰতিভাবান খেলুৱৈ গৰাকীক কিছু পৰিমানে অৰ্থৰ যোগান ধৰিছে যদিও প্ৰতিযোগিতাখনত অংশগ্ৰহণৰ বাবে প্ৰায় এক লাখৰো অধিক ধনৰ প্ৰয়োজন হোৱাত পূজাৰ পৰিয়ালে তীব্ৰ আৰ্থিক সংকটত পৰা পৰিলক্ষিত হৈছে৷

পৰিয়ালৰ লোকে ইতিমধ্যে ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু ক্ৰীড়া মন্ত্ৰীৰ লগতে স্থানীয় বিধায়ক দেৱানন্দ হাজৰিকাৰ লগত এই সন্দৰ্ভত যোগাযোগ অব্যাহত ৰাখিছে বুলি জানিবলৈ দিছে৷ ইপিনে অন্য এগৰাকী প্ৰতিভাৱান খেলুৱৈ ৰৌজিৰাণী শইকীয়ায়ো এই প্ৰতিযোগিতাখনত অংশগ্ৰহণৰ বাবে ব্যাপক প্ৰস্তুতি চলাইছে৷ কেইবাখনো প্ৰতিযোগিতাত সফলতা অৰ্জন কৰিবলৈ  সক্ষম হোৱা ৰৌজিৰ পৰিয়ালেও বৰ্তমান আৰ্থিক সংকটৰ সন্মুখীন হৈছে৷

সমগ্ৰ অসমৰ ভিতৰতেই দেশৰ হৈ প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰিবলৈ যাব লগা এই দুগৰাকী প্ৰতিভাৱান খেলুৱৈক সদাশয় লোকক পাৰ্যমানে আৰ্থিক সকাহ দিবলৈ ক্ৰীড়াপ্ৰেমীসকলে অনুৰোধ জনাইছে৷ ইপিনে এই শুভবাৰ্তা সমগ্ৰ লখিমপুৰ জিলাখনত প্ৰচাৰ হৈ যোৱাৰ লগে লগে খেলুৱৈ দুগৰাকীৰ ঘৰত বহু লোকে ভিৰ কৰাৰ লগতে আৰ্শীবাদ দিছে।

দেশৰ হৈ প্ৰতিনিধিত্ব কৰিবলগা অসমৰ এই দুগৰাকী খেলুৱৈক পূৰ্ণ সহযোগিতা আগবঢ়াবলৈ অসম চৰকাৰক সচেতন মহলে আহ্বান জনাইছে৷ উল্লেখ্য যে এই কাৰাটে প্ৰতিযোগিতাত ভাৰতৰ পৰা নিৰ্বাচিত হোৱা ১৫ গৰাকী খেলুৱৈৰ ভিতৰত অসমৰ পৰা বিহপুৰীয়াৰ এই দুগৰাকী খেলুৱৈহে নিৰ্বাচিত হৈছে৷