newsnextone.com কাকপথাৰঃ তিনিচুকীয়া জিলাৰ অসম-অৰুণাচল সীমান্তৰ ডিৰাকত মঙলবাৰে কেইবাশতাধিক লোকে পথ অৱৰোধ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ অৰুণাচলৰ থলুৱা জনগোষ্ঠীক প্ৰশাসনে স্থায়ী বাসিন্দাৰ প্ৰমাণ পত্ৰ নিদিয়াত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ সময়তে মঙলবাৰে পুৱাই ৰাপজথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰে৷

অৰুণাচলৰ ডিৰাক সংযোগী পথটো কেইবাঠাইত অৱৰোধ কৰি অজনজাতি লোকক পিএৰচি প্ৰদান কৰাৰ দাবী জনায়৷ ডিৰাক গেট, অৰুণাচলৰ লেকাং, ৰঙালী বিল, ধৰমপুৰ আদি ঠাইত পথ অৱৰোধ কৰি অজনজাতিয় লোকক পিআৰচি প্ৰদানৰ দাবী জনায়৷

জানিব পৰা মতে, অৰুণাচলৰ বিভিন্ন বিভিন্ন জনগোষ্ঠিৰ অজনজাতি লোকক প্ৰশাসনে আইএলপি আৰু স্থায়ী বসতিৰ প্ৰমাণ পত্ৰ নিদি ওলোটাই হাৰাশাষ্টি কৰাৰ অভিযোগ উত্থাপন হৈ আহিছে৷