newsnextone.com | বিহালীঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বিশ্বনাথ জিলাতো অব্যাহত আছে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ৷ কেইবাটাও সংগঠনে প্ৰতিবাদ অব্যাহত ৰখাৰ সময়তে শনিবাৰে পুনৰ আছুৰ নেতৃত্বত ওলাই আহিল ৰাইজ৷ অসম-অৰুণাচল সীমান্তৰ ধূলীত বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল, অসম চুক্তি আখৰে আখৰে ৰূপায়নৰ দাবীত কেইবাটাও সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰে৷

শ-শ লোকে প্ৰতিবাদী কাৰ্যসূচীত অংশ লৈ নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰক, অসম চুক্তি আখৰে আখৰে ৰূপায়ন কৰক, ১৯৭১ চনৰ পিছত অহা হিন্দু-মুছলমান বাংলাদেশী বহিস্কাৰ কৰক, অসম বাংলাদেশীৰ চৰণীয়া পথাৰ নহয় আদি শ্ল’গানৰে ধূলীৰ আকাশ বতাহ কঁপাই তোলে৷

সমদলত সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক দুলদুল বৰকটকী, সদৌ অসম কাৰ্বি ছাত্ৰ সন্থাৰ উপদেষ্টা মংগল বে’, সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক অজমত শ্বেখ, সদৌ অসম কাৰ্বি ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক মংগল ৰংহাং, পাভৈ আঞ্চলিক কৰ্মচাৰী পৰিষদৰ সম্পাদক মইনুল ইচলাম, বিশ্বনাথ শাখা আটছাৰ সম্পাদক অনন্ত সোনা, বিশ্বনাথ জিলা আছাৰ কাৰ্যকৰী সভাপতি অমিত কিন্দ’, বিশ্বনাথ মহকুমা ছাত্ৰ সন্থাৰ উপ-সভাপতি ৰূপম দাস, ধূলীৰ সমাজ কৰ্মী প্ৰবীণ লোহাৰ, নগেন কুৰ্মী, আকাইলো কন্দৰ্পান, ডেবেন্দ্ৰ তাঁতিয়ে অংশ লৈ চৰকাৰক ধিক্কাৰ দি অসম আৰু অসমীয়া জাতি ধ্বংসকাৰী বিধেয়ক বাতিলৰ দাবী জনায়৷

পাভৈ আঞ্চলিক ছাত্ৰ সন্থা, ধূলী শাখা ছাত্ৰ সন্থা, কাৰ্বি ছাত্ৰ সন্থা, আদিবাসী ছাত্ৰ সন্থা, চাহ জনজাতি ছাত্ৰ সন্থা, কৰ্মচাৰী পৰিষদৰ লগতে দিৰিং-ধূলীবাসী ৰাইজৰ সহযোগত ৰূপায়ন কৰা গণ বিক্ষোভ কাৰ্যসূচী দিৰিং পথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগনৰ পৰা সমদল আৰম্ভ হয়৷ বিভিন্ন জাতি-জনগোষ্ঠী, বিভিন্ন ধৰ্মালম্বী ৰাইজে প্ৰতিবাদী কাৰ্যসূচীত অংশ লোৱাত ধন্যবাদ জনাই বাৰে বাৰে অসম ৰক্ষা কৰিবৰ বাবে ৰাইজ ওলাই আহিব লাগিব বুলি কয় পাভৈ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি হেমন্ত সোনা আৰু সম্পাদক জিন্টু বৰাই৷