খাৰুপেটীয়াঃ কৃষকৰ দূৰাৱস্থা। মুৰৰ ঘাম মাটিত পেলাই দৰং জিলাৰ খাৰুপেটীয়া, বেচিমাৰি,দলগাওঁ বৃহত্তৰ অঞ্চলত শাক-পাঁচলি আদিৰ খেতি কৰে আৰু অসমৰ বিভিন্ন ঠাইলৈ যোগান ধৰে। 

সাম্প্ৰতিক সময়ৰ জটিল কৰোনা পৰিস্থিতিৰ গ্ৰাসত পৰি কৃষক সকল দিশহাৰা হৈছে। যাতায়ত বজাৰ আদিৰ অসুবিধাৰ ফলত কৃষক সকলৰ কষ্ট উৎপাদিত ফচলসমূহ অতি নিম্ন দৰত বিক্ৰী কৰিব লগা হৈছে। আজিৰ এই শোচনীয় সময়ত কৃষক সকলে নিজৰ উৎপাদিত সামগ্ৰীৰ বজীৰ মুল্যতো বাদেই, উৎপাদন খৰছো লাভ কৰিব পৰা নাই৷ আজি বজাৰত খেতিয়ক সকলে তেওঁলোকৰ উৎপাদিত ফচলসনুহ অতি কম মুল্যত বিক্ৰী কৰিব লগীয়া হৈছে৷ প্ৰতি কিলোঁ বেঙেনা, বিলাহী, ভেন্দি, দাংবডি ২ টকাৰ পৰা ৪ টকা, কেঁচা জলকীয়া ৮ ৰ পৰা ১০, ৰঙালাও ২ৰ পৰা ৪ টকা কিলোকৈ বিক্ৰী কৰিব লগীয়া হৈছে। সৰহ সংখ্যক শাক-পাঁচলি  উচিত মূল্যৰ অভাৱত পথাৰতেই গেলি-পচি গৈছে। এই একে খিনি সামগ্ৰীকেই মধ্যভোগী সকলে চুবুৰীয়া জিলা সমূহত অত্যাধিক দামত বিক্ৰী কৰি মুনাফা আৰ্জন কৰিছে। 

অসম এখন কৃষি প্ৰধান ৰাজ্য হিচাপে অসমৰ চৰকাৰে এই দিশ সমূহ গভীৰ ভাবে পৰ্য্যবেক্ষন কৰা উচিত। ৰাজ্যৰ কৃষিমন্ত্ৰী গৰাকীয়ে এই ক্ষেত্ৰত সকলো সময়তে নীৰৱ ভূমিকা লোৱা দেখা যায়।