Home ৰাজ্যখেয়ালি প্ৰকৃতিৰ অসমত ধেমালি! এফালে খৰাং, আনফালে বানপানী

খেয়ালি প্ৰকৃতিৰ অসমত ধেমালি! এফালে খৰাং, আনফালে বানপানী

by Pankaj Tarun
A+A-
Reset

গুৱাহাটীঃ খেয়ালি প্ৰকৃতিৰ ৰুদ্ৰ ৰূপে ৰাজ্যজুৰি ধাৰণ কৰিছে বিভীষিকাৰ। ৰাজ্যৰ এটা প্ৰান্ত যদি বানৰ ভয়ংকৰ প্ৰভাৱত দিকবিদিক হেৰুৱাইছে, আন এটা প্ৰান্তত আৰু এটুপি পানীৰ অভাৱত চিৰাল ফাট দিছে পথাৰ। এই চৰম জলবায়ুৰ পৰিৱৰ্তনশীলতাই ৰাজ্যখনৰ অৰ্থনীতি আৰু জনজীৱনত সৃষ্টি কৰিছে গভীৰ সংকটৰ।

নলবাৰী, দৰং আদি জিলাই অসমৰ ইতিহাসৰ আটাইতকৈ কম বৰষুণৰ সন্মুখীন হৈছে এইবাৰ, ইয়াৰ বিপৰীতে গোলাঘাট, ডিমা হাচাওৰ দৰে জিলাত এতিয়াও অব্যাহত আছে উদ্বেগজনক বান পৰিস্থিতি।

উল্লেখ্য যে, পূৰ্বে সেউজ ধাননিৰে ভৰপক হৈ নলবাৰীৰ পথাৰত এইবাৰ দেখা দিছে চিৰাল ফাটে। পানীৰ অভাৱত মৰুদ্যানলৈ পৰিণত হৈছে এসময়ৰ সেউজ সোণোৱালী পথাৰবোৰ। শাওনৰ আধা দিন পাৰ হোৱাৰ পিছতো বৰষুণৰ অভাৱত এতিয়া হাহাকাৰ কৰিবলগীয়া হৈছে নলবাৰীৰ কৃষক ৰাইজ।

জিলাখনৰ বিশেষকৈ কাছিমপুৰ, ধনতোলা, ক্ষুদ্ৰকটৰা আদিৰ দৰে খেতিপ্ৰধান অঞ্চলত এতিয়া পানীৰ অভাৱে তীব্ৰ সংকটত পেলাইছে কৃষকসকলক। লক্ষ্যণীয়ভাৱে, নলবাৰী জিলাৰ জলসিঞ্চন ব্যৱস্থা কেৱল এক ভেকোভাওনা হৈয়ে আছে বিগত কেইবা দশক ধৰি। পৰিণামস্বৰূপে কেৱল বৰষুণৰ ওপৰতে নিৰ্ভৰশীল এই জিলাৰ সাধাৰণ কৃষকসকল।

ইফালে, কেৱল নলবাৰী জিলাই নহয়, অসমৰ আন বহু জিলাই বৰ্তমান বৰষুণৰ অভাৱত ভয়াৱহ খৰাং পৰিস্থিতিৰ সন্মুখীন হৈছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি চলিত বৰ্ষৰ জুলাই মাহত ৰাজ্যৰ ১৫ খন জিলাত ‘অত্যন্ত অভাৱনীয় বৰষুণ’ (স্বাভাৱিকতকৈ ৬০-৯৯% কম) আৰু আন ১১খন জিলাত ‘অভাৱী বৰষুণ’ (স্বাভাৱিকতকৈ ২০-৫৯% কম) নথিভুক্ত কৰা হৈছে।

ইয়াৰে নামনি অসমৰ জিলাসমূহ আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে। কোকৰাঝাৰ, ধুবুৰী, কামৰূপ (গ্ৰাম্য), কামৰূপ (মেট্ৰ’), বজালী (৭৭% ঘাটি), দৰং (৭৬% ঘাটি), দক্ষিণ শালমাৰা (৭২% ঘাটি), বৰপেটা (৬৮% ঘাটি), আৰু নলবাৰী (৬৬% ঘাটি)কে ধৰি এই অঞ্চলসমূহৰ কৃষকসকলে এতিয়া চৰম বিপদৰ সন্মুখীন হৈছে।

আনহাতে, উজনি অসমৰ নগাঁও, তিনিচুকীয়া, লখিমপুৰ, শোণিতপুৰ আৰু ডিমা হাছাও জিলাতো ‘কম’ বৰষুণ নথিভুক্ত হৈছিল এইবাৰ জুনত। আনকি ধান খেতিৰ শীৰ্ষ বতৰতো বৰষুণৰ অভাৱত খেতি পথাৰত ফাট মেলাৰ ফলত কৃষকসকল এতিয়া চৰম হতাশাৰ সন্মুখীন হৈছে।

এই জিলাসমূহৰ অধিকাংশ কৃষকে সদৰী কৰা মতে, আগন্তুক দুসপ্তাহৰ ভিতৰত যদি বৰষুণ নিদিয়ে, তেন্তে ধান ৰোপণ কৰাৰ বাবে অনুপযোগী হৈ পৰিছে। বহু খেতিয়কৰ কঠিয়নীত এতিয়া বুঢ়া হৈ জহিবলৈ ধৰিছে কঠিয়া।

মন কৰিবলগীয়া কথাটো হ’ল- সমগ্ৰ অসমৰে এইবাৰ সামগ্ৰিক বৰষুণৰ পৰিস্থিতি উদ্বেগজনক। বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি দক্ষিণ-পশ্চিম বাৰিষাৰ প্ৰভাৱত দেশৰ অন্যান্য ৰাজ্যত স্বাভাৱিক বা অত্যধিক বৰষুণ হোৱাৰ বিপৰীতে অসমকে ধৰি উত্তৰ-পূবৰ ৰাজ্যসমূহত বৰষুণৰ পৰিমাণ আতংকজনকভাৱে হ্ৰাস পাইছে। আনকি শাওন মাহৰ আৰম্ভণিতে ৰাজ্যখনত স্বাভাৱিকতকৈ প্ৰায় ৩৪ শতাংশ কম বৰষুণ হৈছে। এই ভয়াৱহ নাটনিৰ ফলত ৰাজ্যৰ বহু কৃষিভূমিত ফাট মেলাৰ ফলত কৃষকসকলে খেতি আৰম্ভ কৰিবলৈ সক্ষম হোৱা নাই।

এনে পৰিস্থিতিত কোনো কোনো ঠাইত বৰষুণৰ বাবে পৰম্পৰাগত অন্ধবিশ্বাস হিচাপে ভেকুলী বিয়াও আয়োজন কৰা হৈছে। তদুপৰি বিগত এসপ্তাহত ৰাজ্যত তাপমাত্ৰাও অস্বাভাৱিকভাৱে বৃদ্ধি পাইছে। গুৱাহাটী, তেজপুৰ, যোৰহাট, ডিব্ৰুগড়, উত্তৰ লখিমপুৰকে ধৰি বিভিন্ন চহৰৰ সৰ্বোচ্চ উষ্ণতা ৩৬ ডিগ্ৰী চেলছিয়াছৰ ওপৰলৈ বৃদ্ধি পাইছে। এই তাপমান স্বাভাৱিকতকৈ ৪-৬ ডিগ্ৰী চেলছিয়াছ বেছি।

দেওবাৰৰ দুপৰীয়া গুৱাহাটীৰ তাপমাত্ৰা আছিল ৩৬.৭ ডিগ্ৰী চেলছিয়াছ, যিটো স্বাভাৱিকতকৈ ৪.৪ ডিগ্ৰী চেলছিয়াছ বেছি। ইফালে, বায়ুমণ্ডলত জলীয় বাষ্পৰ পৰিমাণ বেছি হোৱাৰ বাবে ৩৬ ডিগ্ৰী চেলছিয়াছৰ উষ্ণতাও ৫২ ডিগ্ৰী চেলছিয়াছৰ দৰে অনুভৱ হৈছে, যাৰ ফলত হিট ষ্ট্ৰোকৰ সম্ভাৱনাও বৃদ্ধি পাইছে।

কিন্তু ৰাজ্যৰ এটা প্ৰান্তত এনে ভয়ংকৰ খৰাং পৰিস্থিতিৰ সৃষ্টি হোৱাৰ বিপৰীতে আন এটা প্ৰান্তত বতৰে ধাৰণ কৰিছে অন্য এক ৰূপ। বিগত দুটা মাহত ৰাজ্য ধুই নিছে দুটাকৈ বানে। জুন মাহৰ আৰম্ভণিতে ৰাজ্যৰ প্ৰায় ২১ খন জিলা ঘূৰ্ণীবতাহ ৰেমালৰ প্ৰথম ঢৌৰ বানপানীৰ ফলত গুৰুতৰভাৱে ক্ষতিগ্ৰস্ত হৈছিল।

ইয়াৰ ভিতৰত নগাঁও, কাছাৰ, হাইলাকান্দি, হোজাই, কামৰূপ, গোৱালপাৰা, মৰিগাঁও, বিশ্বনাথ, লখিমপুৰ, দৰং, বৰপেটা, দক্ষিণ শালমাৰা, পশ্চিম কাৰ্বি আংলং, ডিমা হাচাও, তিনিচুকীয়া, শিৱসাগৰ, ধেমাজি আদি জিলাসমূহ বিশেষভাৱে ক্ষতিগ্ৰস্ত হয়। এই সময়ছোৱাত প্ৰায় ৭ লাখ লোক বানত ক্ষতিগ্ৰস্ত হোৱাৰ লগতে ২১ জন লোকৰ মৃত্যু হয়। বহু হেক্টৰ শস্য ভূমি পানীৰ তল যোৱাৰ ফলত হাজাৰ হাজাৰ পশুধন ক্ষতিগ্ৰস্ত হয়। ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ প্ৰধান উপনৈসমূহ বিপদৰ স্তৰৰ ওপৰেৰে বৈ গৈছিল সেই সময়ত।

ইফালে, জুলাই মাহৰ প্ৰথম সপ্তাহতো বিশেষকৈ ৯ জুলাই পৰ্যন্ত দ্বিতীয় লহৰৰ বানপানীয়ে ৰাজ্যৰ ৬ খন জিলাত গুৰুতৰ প্ৰভাৱ পেলায়। এই দ্বিতীয়টো বানত গোলাঘাট, কাৰ্বি আংলং, হোজাই, নগাঁও, শিৱসাগৰ, যোৰহাটকে ধৰি ৰাজ্যৰ ৬খন জিলাত ভয়ংকৰ বান পৰিস্থিতিৰ সৃষ্টি হয়। এই পৰ্যায়ত ৩২,৩০০ৰো অধিক লোক বানৰ কবলত পৰাৰ লগতে এজন লোকৰ মৃত্যু হয়।

বিগত এটা পষেকত বানত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হয় গোলাঘাট জিলা। জিলাখনৰ ২৫খনতকৈ অধিক গাঁৱৰ প্ৰায় ৮৩৭৩ জন লোক বানৰ কবলত পৰি ঘৰ-দুৱাৰ হেৰুৱাবলগীয়া হয়। বিপদসীমাৰ ওপৰেৰে বৈ থকা ধনশিৰি আৰু দিখৌ নদীৰ জলস্তৰ এই মুহূৰ্তত কিছু হ্ৰাস পাইছে যদিও এতিয়াও বান বিধ্বস্ত পৰিস্থিতি সামান্য হোৱাগৈ নাই জিলাখনত।

ৰাজ্যৰ এই অস্বাভাৱিক বতৰে এতিয়া শংকিত কৰি তুলিছে ৰাজ্যবাসীক। এফালে খৰাং, আনফালে বানৰ তাণ্ডৱ.. খেয়ালি প্ৰকৃতিৰ এনে ভিন্ন ৰূপত এতিয়া দিশহাৰা হৈ পৰিছে ৰাজ্যৰ খেতিয়ক আৰু সাধাৰণ নাগৰিক।

Pankaj Tarun
Author: Pankaj Tarun

You may also like

nno-logo

newsnextone.com is brought to you by Bikalpa Media.  House No.: 04, Guwahati College Road, Jyoti Nagar, Guwahati-21, Assam, India. Contact: 9365225248, E-mail: editor@newsnextone.com

© News Next One. All rights Reserved. Contact editor@newsnextone.com for any query. Design & Cloud Hosting by: Rongjeng Technologies.

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0