newsnextone.com | নগাঁওঃ মূল্যবোধৰ ৰাজনীতি কৰাৰ লক্ষ্যৰে ৰাজ্যত ভূমিষ্ঠ হৈছে এটা নতুন ৰাজনৈতিক দলৰ৷ বৰ্তমানৰ ৰাজনীতিৰ পথাৰ একাংশ আদৰ্শহীন নেতাৰে ভৰি পৰাৰ লগতে কেৱল ক্ষমতাৰ বাবে ৰাজনীতি কৰে বুলি অভিযোগ উত্থাপন হৈ অহাৰ সময়তে ন্যায়, শান্তি, সততাৰ শ্ল’গানেৰে অসমক প্ৰতিষ্ঠা লাভ কৰিছে ‘অসম জন মৰ্চা’ নামৰ এটা ৰাজনৈতিক দলৰ৷   

অসমৰ থলুৱা, খিলঞ্জীয়া লোকসকলৰ বাবে কাম কৰি যোৱাৰ অংগীকাৰেৰে ৰাজ্যত আত্মপ্ৰকাশ ঘটা নতুন আঞ্চলিক ৰাজনৈতিক দলটোৱে অসমৰ ৰাইজৰ বিপৰ্যয় ৰোধ তথা মূল্যবোধ সম্পন্ন ৰাজনীতি কৰাৰ শ্ল’গান দি ইতিমধ্যে সাংগঠনিক কাম আৰম্ভ কৰিছে৷

অসম জন মৰ্চা নামৰ আঞ্চলিক দলটোৰ সভাপতি হিচাপে অধিবক্তা ছাইফুল ইছলাম চৌধুৰী সম্পাদক হিচাপে দুলাল বৰাক নিযুক্তি দিয়া হয়৷ অসম জন মৰ্চাৰ ৰাজ্যিক সমিতি গঠন কৰাৰ পিছত দেওবাৰে নগাঁৱৰ আজাদ নগৰত ৰাজ্যিক কাৰ্যালয় মুকলি কৰা হয়৷ ৰাজ্যিক কাৰ্যালয়টো মুকলি কৰে সমাজকৰ্মী আব্দুল মতিন লস্কৰে। সমাজত ন্যায়, শান্তি, সততা প্ৰতিষ্ঠাৰ লগতে দুৰ্নীতিমুক্ত সমাজ গঢ়াৰ বাবে এই নতুন ৰাজনৈতিক দলটোৱে কাম কৰি যাবলৈ সংকল্পবদ্ধ বুলি সংবাদ মাধ্যমক জানিবলৈ দিয়ে।