♦ ২৭০ নম্বৰৰে অসম ৰাইফলচৰ প্ৰথম স্থান, ২৬১.৫ অংকৰ নম্বৰৰে আই টি বি পি দ্বিতীয় স্থান আৰু ২৪৯.৩ বি এছ এফ তৃতীয় স্থান দখল ৭০. ৬ নম্বৰেৰে জম্মু-কাশ্মীৰ সৰ্বনিম্ন স্থানত

♦ সামৰণি কাৰ্যসূচীত উপস্থিত নাথাকিল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

ডিফুঃ নৱম সৰ্বভাৰতীয় পুলিচ কামাণ্ড প্ৰতিযোগিতাৰ বুধবাৰে বৰ্ণাঢ্য কাৰ্যসূচীৰে ডিফুত সফল সামৰণি পৰে৷ যোৱা ২ জানুৱাৰীৰপৰা ৯ জানুৱাৰীলৈকে চলি থকা প্ৰতিযোগিতাত ২২ টা দল ক্ৰমে, অসম ৰাইফলচ, আইটিবিপি বিএছএফ, এনএছজি, আৰপিএফ, চিআৰপিএফ, ৰাজস্থান, কৰ্ণাটক, উড়িষ্যা, তামিলনাডু, পঞ্জাৱ, গুজৰাট, মধ্যপ্ৰদেশ, এছএছবি, উত্তৰাখণ্ড, পশ্চিমবংগ, অসম, ঝাড়খণ্ড, কেৰেলা, বিহাৰ আৰু জম্মু-কাশ্মীৰ৷ 

সমগ্ৰ প্ৰতিযোগিতাত আয়োজক অসম ৰাইফলচে শ্ৰেষ্ঠ প্ৰদৰ্শন দাঙি ধৰি ২৭০ পইণ্ট অৰ্জন কৰি প্ৰতিযোগিতাৰ চেম্পিয়ণ ট্ৰফীৰ সন্মান লাভ কৰি উত্তৰ-পূৰ্বাঞ্চলৰ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয় ৷ ২৬১় ৫ অংকৰ নম্বৰে দ্বিতীয় স্থান দখল কৰে আইটিবিপি আৰু ২৪৯.৩ পইণ্টেৰে বিএছএফে তৃতীয় স্থান দখল কৰিবলৈ সক্ষম হয়৷ 

আনহাতে, জম্মু-কাশ্মীৰে ৭০.৬ পইণ্টেৰে সৰ্বনিম্ন প্ৰদৰ্শণ দাঙি ধৰে৷ আজি সামৰণি অনুষ্ঠানত অসম ৰাইফলচে নৱনিৰ্মিত কাছা ষ্টেডিয়ামৰ চৌদিশে কইনাৰ দৰে সজাই পৰাই তোলা পৰিলক্ষিত হয়৷ বৰ্ণাঢ্য সাংস্কৃতিক কাৰ্যসূচীত নগা, কাৰবিৰপৰা আৰম্ভ কৰি উত্তৰ- পূৰ্বাঞ্চলৰ বিভিন্ন সাংস্কৃতিক দলে জনজাতীয় সাংস্কৃতিক নৃত্য প্ৰদৰ্শন কৰি দৰ্শকক আপ্লুত কৰে যদিও অসমৰ বিহু সাংস্কৃতিক কাৰ্যসূচীত আশ্চৰ্যজনক ভাৱে উপেক্ষিত হয়৷

সামৰণি কাৰ্যসূচীত জিলাখনৰ গণ্য মান্য ব্যক্তি ছাত্ৰ-ছাত্ৰী সকল উপস্থিত থকাৰ লগতে স্থানীয় প্ৰশাসনেও সহযোগিতা আগবঢ়ায়৷ উক্ত কাৰ্যসূচীত কেন্দ্ৰীয় সহস্ৰ আৰক্ষী বল আৰু ৰাজ্যিক আৰক্ষী দলৰ শীৰ্ষ বিষয়া উপস্থিত থাকে৷ বিজয়ী প্ৰতিযোগীৰ সকলক ট্ৰফী বিতৰণ কৰাৰ পূৰ্বে অসম ৰাইফলচৰ ডিআইজি ব্ৰিগেডিয়াৰ অৰ্জুণ ছেগান এছএমে* অসম ৰাইফলচৰ সঞ্চালক প্ৰধান লেফটেণেণ্ট জেনেৰেল সুখদীপ ছাংৱান এছএম আৰু বিশিষ্ট অতিথি সকলৰ আগত ভাষণ প্ৰদান কৰে৷ 

মুখ্য অতিথিৰ ভাষন প্ৰসংগত সুখদীপ ছাংৱান এছএমে* অংশ গ্ৰহণ কৰা সকলো প্ৰতিযোগীকে ধন্যবাদ জনোৱাৰ লগতে তেওঁ অসম ৰাইফলচৰ এনে প্ৰতিযোগীতা অনুষ্ঠিত কৰাৰ বাবে ভূয়সী প্ৰসংশা কৰে৷ তেওঁ ভাৰতীয় সেনাই জৰুৰী অৱস্থাতে নিজৰ জীৱনকো তুচ্চজ্ঞান কৰি দেশ সেৱা কৰি অহাৰ কথা উনুকিয়ায়৷ শেষত এনেধৰণৰ প্ৰতিযোগীতাই সেনাৰ শাৰিৰীক আৰু মানসিক বল বৃদ্ধিত সহায় কৰিব বুলি মন্তব্য কৰে৷