গুৱাহাটীঃ অসমীয়া বোলচবিৰ জনপ্ৰিয় পৰিচালক দাৰা আহমেদ আমাৰ মাজত আৰু নাই৷ আজি পুৱা গুৱাহাটীৰ এপ'ল' হাস্পাতালত তেখেতৰ মৃত্যু হয় । প্ৰাপ্ত খবৰ মতে কালি দুপৰীয়া ভাত খাই উঠাৰ পিছতেই হঠাৎ বুকুত এক বিষ অনুভৱ কৰাত ততালিকে দাৰা আহমেদক গুৱাহাটীৰ এপ'ল' হস্পিতালত ভৰ্ত্তি কৰোৱা হৈছিল । চিকিৎসকে লগে লগে তেওঁক আই চি ইউত ভৰ্তি কৰায়। কিন্তু আজি পুৱা চলচিত্ৰ পৰিচালক গৰাকীয়ে চিকিৎসালয়তে শেষ নিঃশ্বাস ত্যাগ কৰে । 

উল্লেখযোগ্য যে ভালেসংখ্যক জনপ্ৰিয় অসমীয়া ছবি পৰিচালনা কৰিছিল দাৰা আহমেদে । এই ছবিসমূহৰ ভিতৰত আছিল 'ৰিক্সাৱালা', 'যখিনী', 'উৰ্বশী', 'ধ্ৰুৱতৰা', 'দেৱী' ( শম্ভু গুপ্তৰ সৈতে যুটীয়াভাৱে ), 'পূজা' আদি । উল্লেখযোগ্য যে জনপ্ৰিয় অসমীয়া ছবি 'ড° বেজবৰুৱা'ত সহকাৰী পৰিচালক হিচাপে কাম কৰি বোলচবি পৰিচালনাৰ ক্ষেত্ৰত  তেওঁৰ আত্মপ্ৰকাশ ঘটিছিল । মৃত্যুৰ সময়ত দাৰা আহমেদৰ বয়স হৈছিল ৭২ বছৰ ।