নতুন শিক্ষানীতি কাৰ্যকৰী হোৱাৰ পূৰ্বেই একত্ৰীকৰণে বিলুপ্তি ঘটাব বহুতো বিদ্যালয়ৰ
লোপ পাব ৩ হাজাৰ বিদ্যালয়ৰ প্ৰায় ১৪ হাজাৰ শিক্ষকৰ পদ !

ডিজিটেল ডেস্ক,২১ চেপ্টেম্বৰঃ চৰকাৰী শিক্ষাখণ্ডৰ বাবে এক দুঃখবৰ৷ ৰাজ্যত বন্ধ হ'ব পাৰে ৩ হাজাৰ চৰকাৰী বিদ্যালয় ৷ বিদ্যালয়ত শিক্ষাৰ্থীৰ আশানুৰূপ নামভৰ্তি নোহোৱাৰ বাবে এই সিদ্ধান্ত চৰকাৰৰ ৷ ২০২২ চনৰ পৰা সম্পূৰ্ণ ৰূপে কাৰ্য্যকৰী হ'ব নতুন শিক্ষা নীতি ৷নতুন শিক্ষা নীতি আৰম্ভ কৰাৰ প্ৰাকক্ষণত আৰম্ভ হৈছে বিদ্যালয় একত্ৰিকৰণ প্ৰক্ৰিয়া ৷ যি প্ৰক্ৰিয়াৰ অধীনত ৰাজ্যত লোপ পাব তিনি হাজাৰ চৰকাৰী বিদ্যালয় আৰু প্ৰায় ১৪ হাজাৰ শিক্ষক কৰ্মচাৰী পদ ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত গঠিত হ'বলগীয়া নতুন শিক্ষা নীতি আয়োগে পৰামৰ্শ লৈ অক্টোবৰত অধিক খৰতকীয়াকৈ কাম কাজ আৰম্ভ কৰাৰ লক্ষ্য গ্ৰহণ কৰিছে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে ৷

লোক নিৰ্মান বিভাগৰ প্ৰশিক্ষণ কেন্দ্ৰত ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক বঁটা পোৱা শিক্ষকক সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকে কেন্দ্ৰীয় ৰাজ্যিক শিক্ষা মন্ত্ৰী ৰাজকুমাৰ ৰঞ্জন সিং ৷ ষষ্ঠ শ্ৰেণীৰ পৰা বৃত্তিমূলক শিক্ষাক বাধ্যতামূলক কৰাৰ ইংগিত প্ৰদান কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে চ্যুকাফাকে ধৰি অসম প্ৰতিষ্ঠা কৰাত আগভাগ লোৱা বিশেষ ব্যক্তিৰ তথ্য সম্বল পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰাৰ পৰামৰ্শ আগবঢ়ায় ৷