৮০৪ নতুন কাৰিকৰী পদ সৃষ্টি
ক্ৰীড়া পেঞ্চন বৃদ্ধি
লোক নিৰ্মান বিভাগৰ সংস্কাৰ

ডিজিটেল ডেস্ক,২৬ আগষ্টঃ আজি অনুষ্ঠিত হোৱা ৰাজ্যিক কেবিনেটৰ বৈঠকত লোৱা হৈছে বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত।এই বিষয়ে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে সংবাদ মাধ্যমৰ আগত অৱগত কৰিছে। ধেমাজীৰ মৰিধল মহাবিদ্যালয়ৰ ছাত্ৰী নন্দিতা শইকীয়াৰ মৃত্যুত শোক প্ৰকাশ কৰে ৰাজ্যিক কেবিনেটে৷ এই ঘটনাক নিন্দা কৰাৰ লগতে নন্দিতা শইকীয়াৰ হত্যাকাণ্ডৰ বিচাৰ ফাষ্ট ট্ৰেক আদালতত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়৷ ঘটনাৰ তদন্তৰ বাবে বিশেষ আৰক্ষী সঞ্চালক জি পি সিঙক দায়িত্ব অৰ্পণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে আজিৰ কেবিনেটে৷

আনহাতে চলিত ২৭ আগষ্টৰ পৰা ৫ ছেপ্টেম্বৰলৈ শিক্ষাখণ্ডৰে জড়িত সকলো শিক্ষক-কৰ্মচাৰীৰ লগতে ১৮ বছৰৰ ছাত্ৰ-ছাত্ৰীৰ বাবে ভেকচিন প্ৰদান শিবিৰ আৰম্ভ কৰা হ’ব বুলি সিদ্ধান্ত গ্ৰহণ কৰা হয়৷ ১ ছেপ্তেম্বৰৰপৰা উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষ, মহাবিদ্যালয়-বিশ্ববিদ্যালয়ৰ চূড়ান্ত বৰ্ষৰ পাঠদান আৰম্ভ হ’ব বুলিও সিদ্ধান্ত গ্ৰহণ কৰা হয়৷ একেসময়তে হোষ্টেলসমূহো খোলাৰ ব্যৱস্থা কৰিব চৰকাৰে৷ হোষ্টেলৰ আৱাসীসকলে দুটা ভেকচিন গ্ৰহণ কৰাটো বাধ্যতামূলক। এইবিষয়ে ৩০ বা ৩১ আগষ্টত শিক্ষা বিভাগে ঘোষণা কৰিব বিশেষ বিশেষ এছ অ’ পি।

আকৌ সংবাদ মেল সম্বোধন কৰি গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত দাসে মাজুলী, বজালী, দক্ষিণ শালমৰাত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ৩টা নতুন সংমণ্ডল খোলাৰ সিদ্ধান্ত গ্ৰহণৰ বিষয়ে উল্লেখ কৰে৷

আনহাতে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ ৩ ছেপ্তেম্বৰৰ জন্মদিনটো ক্ৰীড়া দিৱস হিচাপে পালন কৰাৰ সিদ্ধান্ত গ্ৰহণৰ বিষয়ে অৱগত কৰিছে।

লগতে কেবিনেট বৈঠকত ক্ৰীড়া পেঞ্চন ৮ হাজাৰ টকাৰ পৰা ১০ হাজাৰলৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ৰাষ্ট্ৰীয় ক্ৰীড়া, এছিয়ান গেমচ, কমনৱেল্থ গেমচ, অলিম্পিয়ানসকললৈ প্ৰতিমাহে ১০ হাজাৰকৈ জীৱনযোৰা পেঞ্চন আগবঢ়াব অসম চৰকাৰে৷
জিলা উপায়ুক্তসকলক জিলাৰ ভিতৰতে নিৰ্দিষ্ট বিভাগীয় মুৰব্বীৰে কথা পাতি বদলি কৰাৰ কৰ্তৃত্ব প্ৰদান কৰা হৈছে। এই বদলি তৃতীয় শ্ৰেণী পৰ্যায়ৰহে হ’ব। কেবিনেটত চাইঞ্চ এণ্ড টেকন’ল’জি বিভাগৰ নতুন নামাকৰণ কৰাৰো সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।
চাইঞ্চ এণ্ড টেকন’ল’জি বিভাগৰ নতুন নাম চাইঞ্চ, টেকন’ল’জি এণ্ড ক্লাইমেট চেঞ্জ কৰা হব বুলিও সিদ্ধান্ত গ্ৰহণ কৰা হয়৷
বি টি এ ডিত হোৱা বান পৰিস্থিতি বুজ ল’বলৈ যোগেন মোহন আৰু ইউ জি ব্ৰহ্মক যোৱাৰ নিৰ্দেশ কেবিনেটৰ।

লোক নিৰ্মাণ বিভাগৰ চাৰ্কল অ’ফিচ ৫টাৰ পৰা ১৩টালৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়৷
আনহাতে ডিভিজন অ’ফিচ ১৭ৰ পৰা ৩৭টা লৈ বৃদ্ধি, চাব ডিভিজন অ’ফিচ ৪৯ৰ পৰা ৭৭টালৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়৷

বৰ্ধিত বিভাগসমূহৰ বাবে ৮০৪ টা কাৰিকৰী নতুন পদ সৃষ্টিৰো সিদ্ধান্ত গ্ৰহণ কৰে আজিৰ কেবিনেটে৷

নিত্য নতুন সিদ্ধান্ত গ্ৰহণেৰে চৰ্চাত থকা চৰকাৰ খনে কিধৰণেৰে এই সিদ্ধান্তসমূহ কাৰ্যকৰী কৰিব সেয়া হব লক্ষণীয়৷