বোকাজানঃ অসমৰ পৰা বিদেশী খেদিবলৈ আন্দোলন কৰা অসমীয়াসকল আজি অসমতে বিদেশী হোৱাৰ পথত৷ খিলঞ্জীয়াৰ অহংকাৰত গদ-গদ হৈ থকা অসমীয়াৰ অস্তিত্ব সম্প্ৰতি অসমতে চূড়ান্ত সংকটত৷ এনেদৰে এতিয়া শুনিবলৈ অপ্ৰিয় যেন লাগিলেও অসমৰ মাটিতে ভগনীয়া হ’বলৈ বাধ্য হৈ পৰিছে অসমীয়া ৷
প্ৰাপ্ত বাতৰি মতে, কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰা হৈছে চাৰি শতাধিক অসমীয়াৰ নাম৷ সমাগত কাৰ্বি পৰিষদীয় নিৰ্বাচনত অজনজাতীয় লোকৰ নাম কৰ্তন কৰাৰ দাবীক বাস্তৱায়িত কৰি স্বায়ত্ত শাসিত পৰিষদ কৰ্তৃপক্ষ আৰু জিলা প্ৰশাসনে স্থানীয় তথা খিলঞ্জীয়া অসমীয়া লোকক লক্ষ্য কৰি লোৱা কাৰ্যত জিলাখনত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷