বোকাজানঃ অসমৰ পৰা বিদেশী খেদিবলৈ আন্দোলন কৰা অসমীয়াসকল আজি অসমতে বিদেশী হোৱাৰ পথত৷ খিলঞ্জীয়াৰ অহংকাৰত গদ-গদ হৈ থকা অসমীয়াৰ অস্তিত্ব সম্প্ৰতি অসমতে চূড়ান্ত সংকটত৷ এনেদৰে এতিয়া শুনিবলৈ অপ্ৰিয় যেন লাগিলেও অসমৰ মাটিতে ভগনীয়া হ'বলৈ বাধ্য হৈ পৰিছে অসমীয়া ৷

প্ৰাপ্ত বাতৰি মতে, কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰা হৈছে চাৰি শতাধিক অসমীয়াৰ নাম৷ সমাগত কাৰ্বি পৰিষদীয় নিৰ্বাচনত অজনজাতীয় লোকৰ নাম কৰ্তন কৰাৰ দাবীক বাস্তৱায়িত কৰি স্বায়ত্ত শাসিত পৰিষদ কৰ্তৃপক্ষ আৰু জিলা প্ৰশাসনে স্থানীয় তথা খিলঞ্জীয়া অসমীয়া লোকক লক্ষ্য কৰি লোৱা কাৰ্যত জিলাখনত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷

এই ঘটনা সংঘটিত হৈছে কাৰ্বি আংলং জিলাৰ ডিফু বিধান সভা সমষ্টিৰ অন্তৰ্গত ১১ নং লাংফেৰ পৰিষদীয় সমষ্টিত৷ শুকুৰবাৰে হুগলাকটা প্ৰাথমিক বিদ্যালয় প্ৰাঙ্গণত এখন ৰাজহুৱা সভা পাতি গাঁওবাসীয়ে মুকলি অভিযোগ কৰা অনুসৰি পৰিষদীয় সমষ্টিটোৰ হুগলাকটা গাঁৱত থকা ১ নং উদালী এল পি স্কুলৰ ৫১ নং ভোটগ্ৰহণ কেন্দ্ৰটো উঠাই নিয়াই নহয়, কেন্দ্ৰটোৰ মুঠ ৪২০ গৰাকী অসমীয়া ভাষিক ভোটাৰৰ নামো ভোটাৰ তালিকাৰ পৰা সম্পূৰ্ণৰূপে কৰ্তন কৰিছে৷

এই বিষয়ে ভূক্তভোগী গঞাই ইতিমধ্যে জিলা উপায়ুক্তগৰাকীকো অৱগত কৰিছে ৷ আনহাতে, ১৯৫২ চনত কাৰ্বি আংলং জিলা গঠনৰ পূৰ্বেই ১৯৫০ চনত প্ৰতিষ্ঠা লাভ কৰা এই গাওঁখনৰ ৰাইজ  চুবুৰীয়া জিলাসমূহৰ বিস্তৃত ভূ-খণ্ড কাটি আনি মিকিৰ পাহাৰ জিলা গঠনৰো সাক্ষী আছিল।

তৎসত্বেও পৰিষদ তথা জিলা প্ৰশাসনে কি যুক্তিত বৃহৎ সংখ্যক অসমীয়ালোকৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰিলে তাকে লৈ এতিয়া সৰৱ হৈ পৰিছে ভূক্তভোগী ৰাইজ তথা দল-সংগঠন। এইক্ষেত্ৰত অচিৰেই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰত্যক্ষ হস্তক্ষেপ কামনা কৰিছে সদৌ অসম ছাত্ৰ সন্থাৰ জিলা সমিতিয়ে।

অন্যথা পৰৱৰ্তী সময়ত হ'ব পৰা যিকোনো পৰিস্থিতিৰ বাবে ৰাজ্য চৰকাৰেই জগৰীয়া হ'ব বুলিও সকীয়াই দিয়ে জাতীয় সংগঠনটোৱে। ইফালে, উলংগ প্ৰতিবাদৰ পিছত যিকোনো সময়তে পাহাৰীয়া জিলাখনক অগ্নিগৰ্ভা কৰি তুলবি পৰা এই স্পৰ্শকাতৰ বিষয়টো সন্দৰ্ভত জিলা প্ৰশাসনে কেনে ভূমিকা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব।